![]()
শেহতীয়াভাৱে মণিপুৰৰ পৰিস্থিতি (Manipur Violence) আৰু অৱনতি ঘটিছে। বিশেষকৈ দুগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীক অপহৰণ কৰি হত্যাৰ পিছত মণিপুৰ অধিক উত্তপ্ত হৈ পৰিছে। যাৰ বাবে আগন্তুক পাঁচ দিনৰ বাবে মণিপুৰত ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছে।

ইয়াৰ মাজতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে (Gaurav Gogoi) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশেষ আহ্বান জনাইছে। তেওঁ কৈছে যে মণিপুৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰক। তাত কংগ্ৰেছে সহযোগ কৰিব। গৌৰৱ গগৈয়ে লগতে মণিপুৰলৈ যোৱা সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰা সন্দৰ্ভতো মন্তব্য কৰে।













