![]()
পুনৰবাৰ বিহু বিকৃতকৰণৰ অভিযোগ (Allegations of Bihu perversion) উঠিছে। এইবাৰ পিছে বহিৰাগত ৰাজ্য বা দেশত নহয়, খোদ অসমতে। তাকো মহানগৰীৰ মাজমজিয়াৰ ৰেডিছন ব্লু হোটেলত (Radisson Blu Hotel)। যাৰ বাবে এতিয়া ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। আনহাতে, এই বিষয় গৈ উপস্থিত হৈছে আদালতৰ মজিয়াত। ৰেডিছন ব্লুত আয়োজিত এক অনুষ্ঠানত বিহুক বিকৃতকৰণ কৰাৰ এই অভিযোগ। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীচকীত ৫৬৩/২৩ নম্বৰত এটা গোচৰ ৰুজু (Case registered at Jalukbari police station) কৰা হৈছে।

উল্লেখযোগ্য যে ‘Greenlam Laminates’ নামৰ এটা কোম্পানীৰ আছিল এই অনুষ্ঠানটো। আনহাতে, অনুষ্ঠানটো আয়োজন কৰিছিল গুড ছাইন ইভেণ্ট মেনেজমেণ্ট নামৰ এটা প্ৰতিষ্ঠানে। এই গোচৰৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠানটোৰ সৈতে জড়িত কেইবাজনো ব্যক্তিক জালুকবাৰী আৰক্ষীয়ে তলব কৰিছে।
ইয়াৰ ভিতৰত আছে নৃত্য পৰিবেশন কৰা গ্ৰুপটোৰ আয়োজক তন্ময় সৰকাৰ আৰু তুষাৰ, কৰিঅʼগ্ৰাফাৰ ছামিম আহমেদ, আয়োজক গ্ৰুপৰ সঞ্চালক মধু পাণ্ডে আৰু ‘Greenlam Laminates’ৰ উপাধ্যক্ষ এলেক্স যোছেফ। এই আটাইকেইজনকে শীঘ্ৰেই পশ্চিম আৰক্ষী জিলাৰ ডিচিপি কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে, যদি ডিচিপি কাৰ্যালয়ত উপস্থিত নাথাকে তেনেহ’লে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিব বুলিও জানিব পৰা গৈছে।













