![]()
শেহতীয়াকৈ দুগৰাকী শিক্ষাৰ্থীৰ হত্যাকাণ্ডৰ পিছত পুনৰ উত্তপ্ত হৈছে মণিপুৰ (Manipur Violence)। আনহাতে, বুধবাৰে চিবিআয়ে মণিপুৰলৈ গৈ শিক্ষাৰ্থী দুগৰাকীৰ অপহৰণ আৰু হত্যাৰ গোচৰৰ তদন্ত কৰিবলৈ ওলাইছে। কেন্দ্ৰীয় তদন্ত সংস্থাৰ বিশেষ সঞ্চালক অজয় ভটনাগৰৰ নেতৃত্বত গঠিত দলটোৱে বুধবাৰে বিশেষ বিমানেৰে ইম্ফলত উপস্থিত হʼব। এন বীৰেণ সিঙৰ চৰকাৰে ইতিমধ্যে এই ঘটনাৰ তদন্ত চিবিআইক অৰ্পণ কৰিছে।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ ৰাজ্যখন বিগত কেইমাহমানৰ পৰা কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘাতৰ ফলত জুৰুলা হৈ পৰিছে। জাতিগত সংঘৰ্ষত মণিপুৰত বহু লোকৰ মৃত্যু হৈছে। যোৱা সোমবাৰে ছচিয়েল মিডিয়াত বিয়পি পৰে দুগৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃতদেহৰ ছবি। তেতিয়াৰে পৰাই মণিপুৰত বিয়পি পৰে নতুন উত্তেজনা।
সূত্ৰৰ পৰা জানিব পৰা মতে, ৬ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰ-ছাত্ৰী দুগৰাকী। এখন ছবিত ছাত্ৰ-ছাত্ৰী দুগৰাকী অস্ত্ৰধাৰী আক্ৰমণকাৰীৰ সৈতে বহি আছে। আন এখন ছবিত তেওঁলোকৰ মৃতদেহ পৰি থকা দেখা গৈছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই তেওঁলোকৰ মৃতদেহ। বিষ্ণুপুৰ জিলাত অন্তিমবাৰৰ বাবে দেখা গৈছিল তেওঁলোকক। অভিযোগ অনুসৰি তেওঁলোকক অপহৰণ কৰি হত্যা কৰা হৈছে।
আনহাতে, এই ঘটনা পোহৰলৈ অহাৰ পিছতে পুনৰ কঁপাই তুলিছে মণিপুৰ চৰকাৰক। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে এক্স হেণ্ডেলত (টুইটাৰ) লিখিছে, “মই ৰাজ্যবাসীক আশ্বস্ত কৰিব বিচাৰো যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অপৰাধীক ধৰিবলৈ ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে।” বীৰেণ সিঙে লগতে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে তেওঁ নিয়মীয়াকৈ যোগাযোগত আছে।
আনহাতে, এই ঘটনাত ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ইম্ফলত ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰতিবাদৰ সময়ত আহত হয় প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী।













