![]()
সাম্প্ৰদায়িক হিংসাত জৰ্জৰিত মণিপুৰত পুনৰ বন্ধ কৰা হʼল ইণ্টাৰনেট সেৱা (Internet Shut Down in Manipur)। যোৱা শনিবাৰে ৰাজ্যখনৰ গৃহ সচিব টি ৰঞ্জিত সিঙে এক নিৰ্দেশযোগে কয়, ‘জৰুৰীকালীন পৰিস্থিতি আৰু জনসাধাৰণৰ সুৰক্ষা আইন’ অনুসৰি সাময়িকভাৱে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। মঙলবাৰৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্যকৰী হয় ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত।

এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে মণিপুৰত মোবাইল ইণ্টাৰনেট ডাটা সেৱাৰ ওপৰত অস্থায়ী নিষেধাজ্ঞা অহা পাঁচ দিনলৈ অব্যাহত থাকিব। ১ অক্টোবৰৰ সন্ধিয়া ৭.৪৫ বজালৈকে বলৱৎ থাকিব এই নিষেধাজ্ঞা। ইয়াৰ পিছত বিষয়টো পুনৰীক্ষণ কৰি পৰৱৰ্তী সিদ্ধান্ত ঘোষণা কৰা হʼব।
চৰকাৰী সূত্ৰৰ মতে, শেহতীয়াকৈ ইণ্টাৰনেটত বিয়পি পৰা মণিপুৰত নিৰুদ্দেশ হোৱা দুগৰাকী স্কুলীয়া ছাত্ৰৰ হত্যাকাণ্ডৰ দৃশ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।













