![]()
এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি (Manipur Violence Continues)। তাৰ মাজতে মণিপুৰত জাতিগত হিংসা আৰু নাৰী নিৰ্যাতনৰ গোচৰৰ ক্ষিপ্ৰ কৰাৰ লগতে সঠিক বিচাৰৰ বাবে উচ্চতম ন্যায়ালয়ে নতুন নিৰ্দেশনা জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে সোমবাৰে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে তৎক্ষণাত আলোচনা কৰি ৰাজ্যৰ ৯খন ন্যায়িক জিলাত ভিডিঅ’ কনফাৰেন্সিঙৰ সুবিধা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। গোষ্ঠীগত হিংসাৰ গোচৰত অভিযোগকাৰী পক্ষ, অধিবক্তা আৰু সাক্ষীয়ে যাতে ভাৰ্চুৱেল শুনানিৰ সুবিধা লাভ কৰে তাৰ বাবে এই ব্যৱস্থা প্ৰয়োজনীয় বুলি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে।

উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্যখনৰ একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে মণিপুৰৰ সাম্প্ৰদায়িক হিংসাৰ গোচৰত মণিপুৰ উচ্চ ন্যায়ালয়ৰ শুনানিত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ অধিবক্তাই। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হয়। ৰাজধানী ইম্ফলত এই গোচৰৰ শুনানিত উপস্থিত হোৱাত সংশ্লিষ্ট অধিবক্তাক বাধা দিয়া বুলি আবেদনখনত অভিযোগ উত্থাপন কৰা হৈছে। অৱশ্যে মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে সোমবাৰে কয়, “এয়া ছবিখনৰ মাত্ৰ এটা দিশ। ই সামগ্ৰিক ছবি নহয়। মণিপুৰ উচ্চ ন্যায়ালয় দায়িত্ব পালনত অযোগ্য বুলি বিশ্বাস নকৰো।”
উল্লেখযোগ্য যে ৮ আগষ্টত মুখ্য ন্যায়াধীশ চন্দ্ৰচুৰে উচ্চ ন্যায়ালয়ৰ তিনিজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন কমিটী গঠন কৰি মণিপুৰৰ হিংসাৰ তদন্ত আৰু হিংসাৰ বলি হোৱা লোকসকলৰ সকাহ আৰু পুনৰ সংস্থাপনৰ ওপৰত নজৰ ৰাখিছিল। ইয়াৰ উপৰি মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ লগত জড়িত ৪২ টা বিশেষ তদন্তকাৰী দলক ভিন্ন ৰাজ্যৰ ডি আই জি ৰেংকৰ আৰক্ষী বিষয়াই নিৰীক্ষণ কৰিব বুলিও জানিবলৈ দিয়ে।













