নৱবৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি (Srimanta Sankaradeva’s Tithi) ৰাজ্যজুৰি দেওবাৰ আৰু সোমবাৰে দুদিনীয়াকৈ পালন কৰা হৈছে। এই উপলক্ষে শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাস্থিত (Birthplace Botadrwa) ঐতিহাসিক বটদ্ৰৱা সত্ৰ দৰ্শন কৰি আশীৰ্বাদ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)।
বটদ্ৰৱা সত্ৰ দৰ্শনৰ সময়ত সত্ৰখনৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণ সন্দৰ্ভত কেইবাটাও কাৰ্যসূচীৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ১৫-১৬ শতিকাৰ অন্যতম সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ওচৰ-পাজৰৰ অঞ্চলবোৰ অসম চৰকাৰে কেৱল খিলঞ্জীয়া অঞ্চল গঠনৰ বাবে এক আইন প্ৰণয়নৰ কাম আৰম্ভ কৰিছে।
দেওবাৰে শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আমি অতি সোনকালে বটদ্ৰৱা সত্ৰৰ চৌদিশৰ ৮ কিলোমিটাৰ ব্যাসাৰ্ধৰ সুৰক্ষামূলক চক্ৰ গঠনৰ আইন প্ৰণয়ন কৰিম। এই মণ্ডলৰ ভিতৰৰ ভূমি কেৱল খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হʼব।” মুখ্যমন্ত্ৰীয়ে লগতে কয়, “শ্রীমন্ত শঙ্কৰদেৱে আধ্যাত্মিক যাত্ৰাৰ সময়ত এৰাতিৰ বাবেও থকা মুঠ ২১টা স্থানৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ সিদ্ধান্তও আমি লৈছো। এই স্থানসমূহত আধুনিক নামঘৰ নিৰ্মাণ কৰা হʼব আৰু ১৫ দিনীয়া চক্ৰই এই ২১টা স্থান স্পৰ্শ কৰিব।”
উল্লেখযোগ্য যে ২০২০ চনৰ ২৫ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱাৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ২২ কোটি টকাৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পত আছে এখন উদ্যান, এটা প্ৰেক্ষাগৃহ আৰু এটা পৰ্যটকৰ অতিথিশালা।