![]()
হিংসাজর্জৰ মণিপুৰত বিগত কেইদিনমানৰ পৰা মেইটেইসকলে ৰাজধানী ইম্ফলকে ধৰি কেবাটাও স্থানত নতুনকৈ প্ৰতিবাদ সাব্যস্ত (Meiteis protest at several places, including Imphal) কৰিছে। পাঁচজন যুৱকৰ মুক্তিৰ দাবীত এই প্ৰতিবাদ। মেইটেই সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোকে তেওঁলোকৰ মহিলা সংগঠন মীৰা পাইবিছ আৰু ইম্ফলৰ ছটা স্থানীয় ক্লাবৰ নেতৃত্বত পূব আৰু পশ্চিম ইম্ফল থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰে পৰিস্থিতি অধিক তীব্ৰতৰ হৈ পৰে। এখনৰ পিছত এখনকৈ থানা ঘেৰাও কৰি আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি, পূব ইম্ফল আৰু পশ্চিম ইম্ফলৰ কেইবাখনো থানা ঘেৰাও কৰে শ শ প্ৰতিবাদকাৰীয়ে। কেৱল সেয়াই নহয়, আৰক্ষী থানাত বলপূৰ্বক আক্ৰমণৰো অভিযোগ। পূব ইম্ফলৰ এণ্ড্ৰো আৰু পোৰোমপাট থানাত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে, পশ্চিম ইম্ফলৰ চিংজামেই, কোৱাকেইথেল আৰু মায়ঙৰ কেইবাটাও আৰক্ষী চকীতো প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলায়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ (Police throw tear gas) কৰিবলগীয়া হয়। স্থানীয় সূত্ৰৰ তথ্য অনুসৰি, দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত ১৫জন লোক আহত (15 people injured) হয়।

আনহাতে, ইম্ফলৰ অন্য ঠাইত যাতে অশান্তি বিয়পিব নোৱাৰে তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে পূব আৰু পশ্চিম ইম্ফলত সান্ধ্য আইন জাৰি কৰিছে প্ৰশাসনে। বিগত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পাঁচজন অস্ত্ৰধাৰী যুৱকক। তেওঁলোকক গ্ৰেপ্তাৰৰ পিছত পুনৰ ৰাজধানী ইম্ফলকে ধৰি মণিপুৰৰ কেবাটাও স্থানত অশান্তি বিয়পি পৰে। মেইটেইসকলে দাবী কৰে যে গ্ৰেপ্তাৰ হোৱা পাঁচজন লোক গাঁওৰক্ষী আৰু স্বেচ্ছাসেৱক।
কিন্তু আৰক্ষীৰ দাবী, ধৃতসকলৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক আছে। মেইটেইসকলে মহিলা সংগঠন আৰু ইম্ফলৰ কেইবাটাও স্থানীয় ক্লাবত মঙলবাৰে মণিপুৰত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান জনাই এই পাঁচজন যুৱকক মুক্তিৰ দাবী জনাইছে। বৃহস্পতিবাৰে ইম্ফলত থানা ঘেৰাও কৰাৰ আহ্বান কৰা হয়। তেতিয়াই আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ সৃষ্টি হয়।













