![]()
স্বামী সহ পৰিয়ালৰ মানসিক-শাৰীৰিক অত্যাচাৰৰ পৰা ব্যতিব্যস্ত হৈ মৃত্যুক আঁকোৱালিলে এগৰাকী নৱ-বিবাহিতাই (Death of a newly married woman)। নিজৰ জন্মদিন উপলক্ষে নিজ পিতৃ মাতৃক নিমন্ত্ৰণ কৰিছিল যদিও জন্মদিন উদযাপন কৰিব নোৱাৰিলে নৱ-বিবাহিতা মহিলাগৰাকীয়ে।

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত ঘোগা নিবাসী চাফাদাৰ হাচমি শইকীয়াৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত চকৰমুখ গাঁৱৰ মায়াজ্যা বেগম বিগত ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হয়।
প্ৰথম অৱস্থাত তেওঁলোকৰ সংসাৰ সুখৰ আছিল যদিও বিবাহৰ প্ৰায় দুই মাহৰ পিছৰ পৰাই সামান্য কথাৰ অজুহাতত মহিলাগৰাকীৰ ওপৰত ড্ৰাগছ আসক্ত স্বামী চাফদাৰে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰাৰ সমান্তৰালকৈ স্বামীৰ পৰিয়ালৰ লোকেও অত্যাচাৰ চলাই মহিলাগৰাকীৰ ওপৰত।
পাছলৈ কৰ্মসূত্ৰে দুই পতি-পত্নী গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ ৪ নং বাইলেনত ভাড়াঘৰত থাকিব লৈছিল আৰু যোৱা ১৮ ছেপ্টেম্বৰত জন্মদিন উপলক্ষে মায়েজ্যাই চুটি লৈ নিজৰ মাক দেউতাকক পুৱা ৮ বজাত ফোন যোগে ভাড়া ঘৰলৈ নিমন্ত্ৰণ জনায়। কিন্তু দুপৰীয়া প্ৰায় ১২ বজাত আশ্চৰ্য্যজনক ভাবে স্বামী চাফদাৰ হাচমিয়ে মায়াজ্যায় চিপ লৈ আত্মহত্যা কৰা বুলি পৰিয়ালৰক অৱগত কৰে।
খবৰ শুনি হতভম্ব হৈ পৰা পিতৃ পৰিয়ালৰ লোক দক্ষিণ শৰণীয়াৰ ভাড়া ঘৰলৈ আহে যদিও ভাড়াঘৰ নৌপাওতেই চাফদাৰ হাচমিয়ে মৃতদেহ নিজেই ওলমি থকাৰ পৰা নমাই ঘৰৰ মজিয়াত পেলায় থয়।
পৰৱৰ্তী সময়ত এই কথা পল্টন বজাৰ আৰক্ষীক পিতৃ পৰিয়ালে অবগত কৰে আৰু এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰি পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। পল্টন বজাৰ আৰক্ষীয়ে মৃতকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। আনহাতে, পল্টন বজাৰ আৰক্ষীয়ে চাফদাৰ হাচমিক আটক কৰা বুলি জানিব পৰা গৈছে।













