![]()
দিন-দোপৰতে নাৰেংগী তিনিআলিত সংঘটিত হয় ডকাইতি কাণ্ড (Narengi Robbery Case)। এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে ৩.৫ লাখ টকা। জানিব পৰা মতে, এগৰাকী মহিলাই ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ পৰা প্ৰায় ৩.৫ লাখ টকা উলিয়াই আনি তেওঁৰ পাৰ্কিঙত থোৱা বাহনখনৰ কাষলৈ যায়।

মহিলাগৰাকী বাহনখনৰ ওচৰলৈ যাওঁতে এখন ক’লা ৰঙৰ পালচাৰ বাইকত অহা দুই দুবৃত্তই অতি চালাকিৰে পথৰ ওপৰত পৰি থকা এখন ২০ টকীয়া নোটক দেখুৱাই সেইখন তেওঁৰ পৰা পৰি যোৱা বুলি কোৱা মহিলাগৰাকীয়ে ২০ টকীয়াখন উঠিবলৈ যোৱাত তেওঁৰ হাতৰ পৰা টকাৰ বেগটো লৈ উধাও হয়।
গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতো ডকাইতৰ এনে ঘটনাই মহানগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।












