![]()
চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ নতুনকৈ গঠিত চেমিনিউ জিলাত আজি পুৱা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত (Nagaland Accident) ৮ জনকৈ লোকে প্ৰাণ হেৰুৱায়, তাৰ ভিতৰত ৬ গৰাকী আছিল মহিলা যাত্ৰী। ঘটনাৰ সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, আজি পুৱা প্ৰায় ৬ বজাত ক’হিমাৰ পৰা মোককচাঙলৈ বুলি চালকসহ মুঠ আঠজন যাত্ৰীক লৈ যাত্ৰা কৰিছিল এন এল -০২ -টি – ২১২৪ নম্বৰৰ এখন টাটা চুমু বাহনে ।

এই যাত্ৰাত এ এছ – ০৯- চি – ৬১৮৭ নম্বৰৰ বিপৰীতমুখৰ পৰা অহা এখন বালি কঢ়িয়াই নিয়া এখন ট্ৰাকৰ সৈতে টাটা চুমুখন সংঘৰ্ষত লিপ্ত হয় আৰু তাৰ পিছতে দুয়োখন গাড়ী পাহাৰৰ পৰা প্ৰায় এশ – ডেৰশ ফুট তলত পৰেগৈ।

টাটা চুমু খন পাহাৰৰ পৰা বাগৰি পৰাৰ পিছতেই তাৰ ওপৰত ট্ৰাকখন বাগৰি পৰি হেঁচা মাৰি ধৰে। এই ভয়াবহ দুৰ্ঘটনাটোত পাঁচগৰাকী মহিলাসহ সাতজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে, এগৰাকী যুৱতীক ইমলি মেনলাক মুমূৰ্ষ অৱস্থাত ক’হিমালৈ এম্বুলেন্স যোগে লৈ যোৱা হৈছিল যদিও পথতে তেওঁ মৃত্যুক আকোৱালি লয়। । নিহত আন কেইগৰাকী যাত্ৰী হৈছে ক্ৰমে চাংলে খুম্বা চাং ( ২৬ বছৰ ), নুনেনিউ তালি (২৫), ইমকংচিলা( ২৫), টেমচু টোছি জমিৰ (৩২), ছেন্টি মোংলা ইমচং (২৩), থিয়াকলা আও (২৩) আৰু নুকচাং ইংলা লুংচাৰী (২৪)।
পৰৱৰ্তী সময়ত,ৱনাগালেণ্ডৰ এছ ডি আৰ এফৰ লগতে আৰক্ষী আৰু স্থানীয় লোকে উদ্ধাৰ অভিযান চলায় যদিও প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হয়। প্ৰায় ১১ মান বজাত আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে, অভিশপ্ত চুমুখনৰ সৈতে দুৰ্ঘটনাত পতিত হোৱা এল পি ট্ৰাকখনে অসমৰ গোলাঘাটৰ মেৰাপানীৰ পৰা ক’হিমালৈ বালি কঢ়িয়াই নিছিল । ইতিমধ্যে অসমৰ ট্ৰাকখনৰ চালক গোলাঘাটৰ পবিত্ৰ গগৈৰ লগতে হেণ্ডিমেন নিতুৰাজ গগৈ আৰু উত্তম গগৈক চেমিনিউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই দুৰ্ঘটনাত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ নিকট আত্মীয়লৈ দুই লাখ টকাকৈ এককালীল সাহায্যৰ কথা ঘোষণা কৰিছে ।













