![]()
মণিপুৰত আফিং খেতি (popi cultivation) ধ্বংস কৰিবলৈ প্ৰয়োজন সাপেক্ষে বায়ুসেনাৰ বিমান ব্যৱহাৰ কৰিব পাৰিব। ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ পত্ৰ লিখিলে এই কথা বিবেচনা কৰা হʼব। প্ৰতিৰক্ষা মন্ত্ৰীয়ে নিজে এই আশ্বাস দিছে মেইটেই নেতাসকলক।

আনহাতে, অপহৃত সেনা জোৱান সৰ্থো থাংকাথং কমৰ মৃতদেহ উদ্ধাৰ হৈছে। লেইমাখঙৰ সেনা ঘাটিত নিয়োজিত হৈ থকা সৰ্থো ছুটী লৈ ঘৰলৈ গৈছিল। শনিবাৰে নিশা পশ্চিম ইম্ফল জিলাৰ তাৰোঙত থকা ঘৰৰ পৰা বন্দুকধাৰীয়ে তেওঁক অপহৰণ কৰে বুলি সেনাই জানিবলৈ দিয়ে।
দিল্লী মেইটেই সমন্বয় সমিতিৰ এটা প্ৰতিনিধি দলে শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি কয় যে মণিপুৰত সংঘটিত সংঘৰ্ষ সন্দৰ্ভত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আফিং খেতি ধ্বংস কৰাৰ পদক্ষেপৰ পিছত কুকি উগ্ৰপন্থীসকল ক্ষুব্ধ হৈ পৰিছে। কোকোমিয়ে আফিং ধ্বংস কৰিবলৈ বায়ুসেনাৰ ব্যৱহাৰৰ অনুৰোধ জনায়। পিছত কোকোমিৰ নেতাসকলে দাবী কৰে যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিয়ে যে এই প্ৰক্ৰিয়া অনুসৰণ কৰি মণিপুৰ চৰকাৰে চিঠি লিখিলে এই বিমান ব্যৱহাৰ কৰিব পৰা যাব। উল্লেখযোগ্য যে সংসদত মণিপুৰ-বিতৰ্কৰ সময়ত নৰেন্দ্ৰ মোডীয়ে ইন্দিৰা গান্ধীৰ যুগত মিজোৰামত বিমান আক্ৰমণৰ বাবে কংগ্ৰেছক আক্ৰমণ কৰিছিল। তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে এখন চৰকাৰে কেনেকৈ নিজৰ নাগৰিকৰ বিৰুদ্ধে বিমান আক্ৰমণ চলাব পাৰে। অৱশ্যে এই ক্ষেত্ৰত বিমান কেনেদৰে ব্যৱহাৰ কৰা হʼব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।












