![]()
বিগত কেইবা মাহ ধৰি উত্তপ্ত হৈ আছে মণিপুৰ (Manipur)। তাৰ ৰাজ্যতে ৰাজ্যখনত পোহৰলৈ আহিছে নিতৌ সংঘাত আৰু অশান্তিৰ ছবি। বহু লোকে প্ৰাণ হেৰুৱাইছে, ঘৰ জ্বলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিৰোধী প্ৰতিনিধি দললৈকে দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাসকল মণিপুৰলৈ গৈছে। মণিপুৰক লৈ বহুতে বাৰ্তা দিছে। বিগত কেইমাহমান ধৰি চলি থকা হিংসাত্মক ঘটনা আৰু সংঘৰ্ষৰ পিছতে মণিপুৰ আৰক্ষীয়ে এই তথ্য প্ৰকাশ (Manipur Police Releases Information) কৰিছে।

উল্লেখ্য যে মে’ মাহৰ পৰা দুটা গোটৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছৰে পৰা ১৭৫ জন লোকৰ মৃত্যু হৈছে। আহত ১১১৮ জন লোক। আনহাতে, এতিয়াও সন্ধানহীন হৈ আছে ৩৩জন লোক।
ইয়াৰ উপৰি এতিয়াও মৰ্গত পৰি আছে ৯৬টা মৃতদেহ (96 bodies lying in the morgue)। ৰাজ্যখনে প্ৰকাশ কৰা তালিকা অনুসৰি, যোৱা কেইমাহমানৰ ভিতৰত সমগ্ৰ ৰাজ্যত ৪৭৮৬টা ঘৰ আৰু ২৫৪টা গীৰ্জা আৰু ১৩২টা মন্দিৰকে ধৰি কমেও ৫১৭২টা অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যৰ অস্ত্ৰভাণ্ডাৰৰ পৰা প্ৰায় ৬ হাজাৰ অস্ত্ৰ-শস্ত্ৰ লুটপাত হয়। ৫ লাখ গোলাবাৰুদ লুণ্ঠন হয়। আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে তালাচী অভিযানত ৩৬০টা বাংকাৰ ধ্বংস কৰে।













