![]()
দেশত দিনমণিয়ে প্ৰথম ক’ত মুখ উলিয়াই হাঁহে? পুৱাৰ প্ৰথম পোহৰ ক’ত পৰে? ভাৰতৰ কোনখন চহৰ বা গাঁৱত সূৰ্যৰ ৰশ্মিয়ে প্ৰথমে স্পৰ্শ কৰে? ইয়াৰ উত্তৰ দিছে এগৰাকী মন্ত্ৰীয়ে। এই সন্দৰ্ভত তেওঁ এটা ভিডিঅ’ মুকলি কৰি দেশবাসীৰ আগত ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত পৰিচয় কৰাই দিছে। তেওঁ লগতে কয় যে তেওঁৰ কথা বিশ্বাস নকৰিলে দৰ্শকে চাৰ্চ ইঞ্জিন গুগললৈ যাব পাৰে। গুগলে তেওঁলোকক সঁচা কথা কʼব।
মন্ত্ৰীজন হৈছে তামচেন ইমনা আলং (Temjen Imna Along) নাগালেণ্ডৰ বিজেপি চৰকাৰৰ পৰ্যটন আৰু উচ্চ শিক্ষা মন্ত্ৰী। কিন্তু তেওঁ নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত পোষ্ট কৰা ভিডিঅʼটোৰ ঠাইখন তেওঁৰ গৃহ ৰাজ্য নাগালেণ্ডত নাই। ঠাইখন হৈছে নাগালেণ্ডৰ এখন চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ।

ভিডিঅ’টো হৈছে অৰুণাচল প্ৰদেশৰ (Arunachal pradesh) পাহাৰীয়া উপত্যকাৰ। উপত্যকাটোৰ নাম হৈছে ডং। সেউজীয়া পাহাৰেৰে আগুৰি থকা ডং উপত্যকাৰ ভিডিঅʼৰ জৰিয়তে টামচেনে কয় যে ইয়াতেই দেশৰ প্ৰথম সূৰ্য উদয় হয়।
ডং উপত্যকাত দোকমোকালিত তোলা হৈছে ভিডিঅʼটো। ইতিমধ্যে এই ভিডিঅʼটো ১৮ লাখ বাৰ চোৱা হৈছে। বহুতে ডঙক নিজৰ ভ্ৰমণৰ গন্তব্যস্থান হিচাপেও নিৰ্ধাৰণ কৰিছে।













