ASSAM TIMES POST
বয়স মাথোঁ ৮ বছৰ৷ এই ৮ বছৰ বয়সতে তেওঁ ২০১৯ বর্ষটোত এতিয়ালৈকে উপার্জন কৰিছে ২৬ মিলিয়ন ডলাৰ৷ শুনিবলৈ আচৰিত যেন লাগিলেও বিশ্বৰ এটা অতি জনপ্ৰিয় ইউটিউব চেনেলৰ গৰাকীজনক চলিত বছৰটোত ইউটিউবে প্ৰদান কৰিছে এই বিশাল পৰিমাণৰ ধনৰাশি তেওঁৰ চেনেলটোৰ ‘ভিউ টাইম’, ‘ভিউৱাৰৰ সংখ্যা’ আৰু ‘ছাবস্ক্ৰিপচন’ৰ বাবে৷ বুধবাৰে ফ’র্বছ আলোচনীত প্ৰকাশিত এক তালিকাত নাম থকা এইগৰাকী ইউটিউবাৰৰ নাম হ’ল ৰিয়ান কাজী৷
উল্লেখ্য যে কাজী, যাৰ প্ৰকৃত নাম ৰিয়ান গুৱান, তেওঁ ইতিমধ্যে ২০১৮ বর্ষত ভিডিঅ’ শিতানত সৰ্বাধিক উপার্জনকাৰী হিচাপেও স্বীকৃত হৈছে৷ ফ’র্বছৰ তথ্য মতে তেওঁ বছৰটোত উপার্জন কৰে ২২ মিলিয়ন ডলাৰ৷
ৰিয়ান কাজীৰ ইউটিউব চেনেল ‘ৰিয়ান ৱৰ্ল্ড’ তেওঁৰ অভিভাৱকসকলে মাত্ৰ তিনি বছৰ বয়সতে ২০১৫ চনত মুকলি কৰিছিল আৰু বর্তমান চেনেলটোৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ’ল ২২.৯ মিলিয়ন৷












