![]()
হিংসাজর্জৰ মণিপুৰত (Manipur Violence) শান্তি প্ৰতিষ্ঠাৰ বাবে মণিপুৰ আৰক্ষীয়ে ৬০ দিনীয়া অভিযান আৰম্ভ কৰিছে। লুণ্ঠন কৰা চৰকাৰী অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ (Looted government weapons and ammunition recovered) কৰাৰ উপৰি মুক্ত চলাচল নিয়ন্ত্ৰণ আৰু নিৰীক্ষণৰ বাবে গুৰুত্বপূৰ্ণ পথসমূহত তালাচী চকী স্থাপন কৰা হৈছে। তাৰেই ফলস্বৰূপে বুধবাৰে কাংপোকপি জিলাৰ এটা গোপন বাংকাৰৰ পৰা উদ্ধাৰ কৰা হৈছে আগ্নেয়াস্ত্ৰৰ (Firearm recovered from bunker) বিশাল ভঁৰাল।
উল্লেখযোগ্য যে ৩ মেʼত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ৰ (আটছুম) কাৰ্যসূচীক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ ৰাজ্যখনত অশান্তিৰ সৃষ্টি হয়। মণিপুৰত এতিয়ালৈকে খিলঞ্জীয়া মেইটেই জনগোষ্ঠী আৰু জনজাতি কুকিৰ মাজত সংঘৰ্ষত প্ৰায় দুশজন লোকৰ মৃত্যু হৈছে।

সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা মূলত ইম্ফল পূব, ইম্ফল পশ্চিম, থৌবাল, চুৰাচান্দপুৰ আৰু কাংপোকপি জিলাত সংঘটিত হয়।
এই হিংসাত্মক ঘটনাৰ প্ৰাৰম্ভিক পৰ্যায়ত মণিপুৰৰ বিভিন্ন থানা আনকি জিলা আৰক্ষীৰ অস্ত্ৰভাণ্ডাৰৰ পৰাও ৩৫০০ আগ্নেয়াস্ত্ৰ আৰু প্ৰায় ৫ লাখ গুলী লুট কৰা হয়। ইয়াৰ এক বৃহৎ অংশ উদ্ধাৰ কৰিব নোৱাৰিলে নিৰাপত্তা বাহিনীয়ে। মণিপুৰ আৰক্ষীয়ে এই নিৰুদ্দেশ হোৱা আগ্নেয়াস্ত্ৰক ৰাজ্যৰ শান্তি ঘূৰাই অনাৰ পথত এক ডাঙৰ বাধা বুলি গণ্য কৰে। এনে পৰিস্থিতিত মেইটেই আৰু কুকি অধ্যুষিত অঞ্চলত ১২৮টা চেক পোষ্ট স্থাপন কৰি কঠোৰ চোৰাংচোৱাগিৰি আৰম্ভ কৰা হৈছে। মণিপুৰ আৰক্ষীয়ে দাবী কৰিছে যে ইয়াৰ ফল পোৱা গৈছে।













