মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা (Manipur Violence)। এই হিংসাত্মক ঘটনা পৰিণতিতে বুধবাৰে এগৰাকী আৰক্ষী বিষয়াই মৃত্যুক সাৱটি লয়।
মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা (Manipur Violence)। এই হিংসাত্মক ঘটনা পৰিণতিতে বুধবাৰে এগৰাকী আৰক্ষী বিষয়াই মৃত্যুক সাৱটি লয়। ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ চিংফেই বাংকাৰত কৰ্তব্যৰত হৈ থকা এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকক আজি বিয়লি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।
খবৰ অনুসৰি, দুপৰীয়া ১ ৰ পৰা ১.৩০ টা বজাৰ ভিতৰত স্নাইপাৰে অনখোমাং নামৰ আৰক্ষী বিষয়াজনৰ মূৰত গুলীয়াই হত্যা কৰে। লগতে, এই ঘটনাত আন দুজন লোকো আঘাতপ্ৰাপ্ত হৈছে।
জানিব পৰা মতে, ৰাজ্যখনত মঙ্গলবাৰে পুৱা কাংপকপি জিলাত অচিনাক্ত লোকে তিনিজন জনজাতীয় লোকক গুলীয়াই হত্যা কৰাৰ উপৰিও, বিগত ৮ ছেপ্টেম্বৰত টেংগন’পাল জিলাৰ পালেলত আন এক ঘটনাত তিনিজনকৈ লোক নিহত হোৱাৰ লগতে ৫০ জনৰো অধিক লোক আহত হৈছিল।