ASSAM TIMES POST
নিউজ ডেক্সঃ আৰু অধিক চাপত পৰিল মহা প্ৰতাপী ৰাষ্ট্ৰনেতা তথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প৷ কিয়নো ট্ৰাম্পৰ মহাভিযোগৰ পক্ষতেই ভোট দিলে হাউছ অব্ ৰিপ্ৰেজেণ্টেটিভে৷ ইয়াকে লৈ এতিয়া তৃতীয়গৰাকী ৰাষ্ট্ৰপ্ৰধান হিচাপে মার্কিন ছিনেটত মহা অভিযোগৰ সন্মুখীন হ’বলৈ আগবাঢ়িছে ট্ৰাম্প৷ ইয়াৰ পূর্বে ১৮৬৮ আৰু ১৯৯৮ চনত মার্কিন ৰাষ্ট্ৰপতি এণ্ড্ৰিউ জনছন আৰু বিল ক্লিণ্টন মহা অভিযোগৰ সন্মুখীন হৈছিল৷ উল্লেখ্য যে ক্ষমতাৰ অপব্যৱহাৰৰ দোষত ট্ৰাম্পৰ বিৰুদ্ধে এই মহা অভিযোগ অনা হৈছে৷
মার্কিন ৰাষ্ট্ৰপতিগৰাকীক মহা অভিযোগত অভিযুক্ত কৰা হ’ব নে নাই তাকে লৈ বুধবাৰে হাউঢ অব্ ৰিপ্ৰেজেণ্টেটিভত ডেম’ক্ৰেট আৰু ৰিপাব্লিকান সদস্যসকলৰ মাজত ১১ ঘণ্টা ধৰি উত্তপ্ত বিতর্ক হয়৷ ইয়াৰ পিছত সংখ্যাগৰিষ্ঠ ভোটেই ট্ৰাম্পৰ মহা অভিযোগৰ পক্ষলৈ যায়৷ এতিয়া গোটেই বিষয়টো নির্ভৰ কৰিছে ছিনেটৰ ওপৰত৷ তাতো যদি ভোট ট্ৰাম্পৰ বিপক্ষে যায়, তেতিয়াহ’লে পুনৰ নির্বাচনৰ পূর্বেই গাদী হেৰুৱাব ট্ৰম্পে৷
উল্লেখ্য যে আমেৰিকাৰ কোনো ৰাষ্ট্ৰপতিৰ বিপক্ষে যদি স্বৈৰাচাৰী, প্ৰতাৰণা আৰু কোনো গুৰুতৰ অভিযোগ উঠে আৰু আইন সভাৰ বেছিভাগ সদস্যই যদি তাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ভোট প্ৰদান কৰে, তেতিয়াহ’লে তেওঁক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণৰ ক্ষমতা আছে কংগ্ৰেছৰ৷ এয়াই হ’ল মহা অভিযোগ৷ এতিয়া ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে উঠিছে যথেষ্ট গুৰুতৰ অভিযোগ৷ ইয়াৰ ভিতৰত ক্ষমতাৰ অপব্যৱহাৰ, কংগ্ৰেছৰ কামত বাধা প্ৰদান কৰা, ইউক্ৰেইনক সেনা সহযোগিতাত বাধা প্ৰদান আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জো বাইডেনৰ বিৰুদ্ধে তদন্ত চলোৱাৰ বাবে প্ৰশাসনক হেঁচা প্ৰয়োগ কৰা ইত্যাদি৷
হাউছ অব্ ৰিপ্ৰেজেণ্টেটিভত মুঠ ভোট পৰিছিল ২৩০টা৷ ইয়াৰে ভিতৰত ১৯৭টা ভোটেই ট্ৰাম্পৰ মহা অভিযোগৰ পক্ষত পৰিছিল৷ ইয়াত হ’ল ডেম’ক্ৰেট সংখ্যাগৰিষ্ঠ৷ ফলত ৰিপাব্লিকানসকলে ইয়াত মূৰ দাঙিব পৰা নাছিল৷
ইফালে হাউছ অব্ ৰিপ্ৰেজেণ্টেটিভত মহা অভিযোগৰ বিষয়টো পাছ হোৱাৰ পিছত ক্ষোভিত হৈ পৰে ট্ৰাম্প৷ টুইটযোগে ডেম’ক্ৰেটসকলৰ বিৰুদ্ধে ক্ষোভ উজাৰি তেওঁ কয়, “সম্পূর্ণ মিছাৰ চিকাৰ বনোৱা হৈছে মোক৷ এয়া আমেৰিকাৰ ওপৰত আক্ৰমণ৷ এয়া ৰিপাব্লিকানসকলৰ ওপৰত আক্ৰমণ৷” আনহাতে, মহা অভিযোগক লৈ প্ৰস্তুতি চলাই থকাৰ সময়তো ডেম’ক্ৰেটসকলৰ ওপৰত ক্ষোভিত হৈ ট্ৰাম্পে এনেদৰে টুইট কৰিছিল, “মই কোনো দোষ কৰা নাই৷ মোৰ বিৰুদ্ধে অযথা মহা অভিযোগ অনা হৈছে৷ এইটো অত্যন্ত অন্যায়৷”












