![]()
সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন (Autumn Session of Assam Legislative Assembly)। অসম বিধানসভাৰ নতুন ভৱনত (New Building of Assam Legislative Assembly) অনুষ্ঠিত হৈছে এই অধিবেশন। এই অধিবেশন অহা ১৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব। এই অধিবেশনত বহুকেইখন বিধেয়ক উত্থাপন হ’ব। ইয়াৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ পৰিপূৰক মঞ্জুৰি বিধেয়ক, পঞ্চায়তী আইন, ১৯৯৪ সংশোধনী বিধেয়ক উল্লেখযোগ্য।

উল্লেখযোগ্য যে ৰাজ্যিক কেবিনেটে ইতিমধ্যে পঞ্চায়তী আইন সংশোধন কৰিছে। এই সংশোধনীৰ জৰিয়তে গাঁও পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰতীক নৰখাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে, আজি বিধানসভাৰ সন্মুখত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো উন্মোচন (Mahatma Gandhi’s statue unveiled) কৰে মুখ্যমন্ত্ৰীয়ে।

প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে কয়, “সত্য আৰু অহিংসাৰ পূজাৰী গান্ধীজীৰ নীতি আৰু আদৰ্শই আমাক সদায়েই জনসেৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰি আহিছে। আজি অসম বিধানসভা চৌহদত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই নিজকে পৰম সৌভাগ্যৱান হিচাপে বিবেচনা কৰিছোঁ।”












