ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : বোকাখাত থানাৰ অন্তৰ্গত লখৌজানত যোৱা ১৫ ডিচেম্বৰৰ ৰাতি বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত বিপুল দত্ত(৫৭) নামৰ লোকজনৰ আজি গুৱাহাটী মেডিকেল কলেজ হস্পিটালত আবেলি তিনি বজাত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।
কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ এটা বৃহত জাক লখৌজান অঞ্চলত সোমাই পৰে আৰু মাজনিশা হাতী জাক খেদিবলৈ ৰাইজৰ লগতে বিপুল দত্তও ওলাই যায়। আগফালে হাতীৰ জাকটো খেদি ঘৰৰ পাছফালে দত্তই আহোতে জাকৰ পৰা ফালৰি কাটি থাকি যোৱা এটা হাতীয়ে শুৰেৰে আক্ৰমণ কৰে আৰু দত্তৰ বুকুৰ কামিহাড় ভাঙি হাওঁফাওঁত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়। পুৱা বিপুল দত্তক বন বিভাগৰ সহযোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও কামিহাড় ভাগি হাওঁফাওঁত আঘাট প্ৰাপ্ত হোৱা দত্তক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল।
কিন্তু আজি দত্তৰ মৃত্যু হয় বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে। যোৱা ১৫ ডিচেম্বৰৰ পৰা মৃত্যুৰ সতে যুজঁ দি থকা বিপুল দত্তৰ জিএমচিএইচত আই চি ইউৰ অভাৱৰ বাবে চিকিৎসা কৰিব পৰা হোৱা নাছিল বুলি লগত পৰিচৰ্যাৰ বাবে যোৱা সম্পৰ্কীয় লোকে জানিবলৈ দিছে। পৰিয়ালৰ একমাত্ৰ আয়ৰ উৎস মূৰব্বী ব্যক্তি গৰাকীয়ে মৃত্যুৰ সময়ত একাদশ বৰ্ষত পঢ়ি থকা একমাত্ৰ কন্যা আৰু পত্নী সহ পৰিয়ালৰ আন লোকক এৰি গৈছে। সৰবৰহী শিল্পী গৰাকীৰ মৃত্যুত অঞ্চলটিত শোকৰ ছাঁ পৰিছে।











