আন এক বিশ্ব অভিলেখৰ দিশে আগবাঢ়িছে অসম চৰকাৰ (Government of Assam towards world record)। এইবাৰ অৱশ্যে কোনো সাংস্কৃতিক কাৰ্যসূচী বা পৰম্পৰাৰে নহয়, গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ (World record for planting saplings) সৃষ্টি কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ।
১৭ ছেপ্টেম্বৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত সমগ্ৰ ৰাজ্যত ১ কোটি গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছে অসম চৰকাৰে। বাণিজ্যিক গছৰ পুলি ৰোপণ কৰি ৰাজ্যখনক সমৃদ্ধিশালী কৰাৰ লগতে ৯টা বিশ্ব ৰেকৰ্ড গঢ়াৰো লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে।
ইয়াৰ বাবে খানাপাৰাত সৰ্পিল আকৃতিত (Spiral shape in Khanapara) ৩ লাখ ২০ হাজাৰ গছপুলি সজাই দীৰ্ঘতম দৈৰ্ঘ্যৰ গছপুলিৰ শাৰীৰ ৰেকৰ্ড গঢ়াৰ প্ৰস্তুতি চলাইছে অসম চৰকাৰে। উল্লেখযোগ্য যে এই সৰ্পিল আকৃতিৰ গছপুলিৰ শাৰীৰ দৈৰ্ঘ্য হ’ব প্ৰায় ২৩ কিলোমিটাৰ। অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ (Amrit Tree Movement) অংশ হিচাপে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সজাই তোলা হৈছে এই গছপুলিবোৰ। দেওবাৰে সমগ্ৰ ৰাজ্যত এই গছপুলিবোৰ ২৪ ঘণ্টাৰ ভিতৰত ৰোপণ কৰা হ’ব। এইটোও হ’ব আন এক অভিলেখ।