![]()
গুৱাহাটী আৰক্ষীত এক অভাৱনীয় ঘটনা। পল্টনবজাৰ (Paltan Bazar) আৰক্ষী থানাৰ এগৰাকী মহিলা কনিষ্টবল সন্ধানহীন (Lady Police missing)। জানিব পৰা মতে, নিৰুদ্দিষ্ট কনিষ্টবলগৰাকীৰ নাম গায়ত্ৰী হাজৰিকা। তেওঁৰ ঘৰ নগাঁৱৰ বঢ়মপুৰত। উল্লেখযোগ্য যে গায়ত্ৰী হাজৰিকাৰ মোবাইল ফোন, চেণ্ডেল আৰু ছশমা উদ্ধাৰ হৈছে শৰাইঘাট দলঙৰ ওপৰত। যাৰ বাবে তেওঁৰ সন্ধানহীন হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। তেওঁ ব্ৰহ্মপুত্ৰত আত্মহত্যা কৰাৰ সন্দেহো ঘনীভূত হৈছে।

উল্লেখযোগ্য যে বিগত সময়ত শিলসাঁকোৰ উচ্ছেদ অভিযানত নিয়োজিত আছিল গায়ত্ৰী হাজৰিকা। জানিব পৰা মতে, তেওঁ শিলসাঁকোত কৰ্তব্য পালন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল তেওঁ। এই সম্পৰ্কে বাৰম্বাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক তেওঁ অৱগত কৰিছিল। কিন্তু তথাপি তেওঁৰ কথাত গুৰুত্ব প্ৰদান নকৰি তেওঁক শিলসাঁকোৰ উচ্ছেদ কাৰ্যত জড়িত কৰাইছিল। তাৰ পিছতে তেওঁ মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰা বুলি অনুমান কৰা হৈছে।
ইতিমধ্যে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে ব্ৰহ্মপুত্ৰত গায়ত্ৰী হাজৰিকাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে, গায়ত্ৰী হাজৰিকা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো মন্তব্য প্ৰকাশ কৰা নাই।













