![]()
সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠকত (Assam CM Himanta to hold meeting with Union Home Minister in Delhi) মিলিত হয়। উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে অসমৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা (AFSPA) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ ( Request to withdraw altogether) জনায়। অসম চৰকাৰে প্ৰকাশ কৰা এক বিজ্ঞপ্তি মতে, মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে ৩০ মিনিট ধৰি এই বিষয়ে আলোচনা কৰে।
বৈঠকত দুয়োৰে মাজত অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ ৰোডমেপ সন্দৰ্ভত আলোচনা হয়।মুখ্যমন্ত্ৰীয়ে অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ কাৰণ হিচাপে আইন-শৃংখলা পৰিস্থিতিৰ গুৰুত্বপূৰ্ণ উন্নতি, কেইবাখনো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে উগ্ৰপন্থী সংগঠনসমূহৰ বহুসংখ্যক আণ্ডাৰগ্ৰাউণ্ড কেডাৰৰ আত্মসমৰ্পণ আৰু সুৰক্ষা কৰ্মী আৰু অসামৰিক লোকৰ মৃত্যুৰ সংখ্যা হ্ৰাস পোৱাটো উল্লেখ কৰে ।
আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথ প্ৰশস্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীক কিছু পৰামৰ্শ আগবঢ়োৱা বুলিও বিজ্ঞপ্তিটোত কোৱা হৈছে । বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীক আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে উক্ত পৰামৰ্শসমূহৰ ভিত্তিত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ।
বৈঠকৰ পিছত এক্সত (পূৰ্বতে টুইটাৰ) মুখ্যমন্ত্ৰীয়ে কয়, “আজি মই মাননীয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহজীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰোঁ । অসমৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ ৰোডমেপ সন্দৰ্ভত তেওঁৰ সৈতে আলোচনা কৰোঁ । অসম চৰকাৰে মাননীয় গৃহমন্ত্ৰীৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ।” উল্লেখ্য যে সমগ্ৰ অসমতে ১৯৯০ চনৰ পৰা ‘অশান্ত অঞ্চল’ অধিসূচনা বা আফস্পা বলৱৎ হৈ আছে । বৰ্তমান আঠখন জিলাত আফস্পা বলৱৎ হৈ আছে।














