![]()
মণিপুৰৰ বীৰেণ সিং চৰকাৰে (Biren Singh Government of Manipur) ম্যানমাৰৰ উগ্ৰপন্থী শিবিৰ ধ্বংস অভিযানৰ দায়িত্বত থকা প্ৰাক্তন সেনা বিষয়া নেকটাৰ সঞ্জেবামক মণিপুৰৰ চম্ভালিবলৈ নিযুক্তি (Former Army officer Nectar Sanjevam appointed in Manipur) দিছে।
২০১৫ চনত মণিপুৰৰ চাণ্ডেলত উগ্ৰপন্থীয়ে সেনাৰ কনভয়ত আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই ম্যানমাৰৰ উগ্ৰপন্থীৰ শিবিৰত আক্ৰমণ কৰে। ভাৰত চৰকাৰে দাবী কৰা মতে তাত কমেও ১২০ জন উগ্ৰপন্থী নিহত হয়। উক্ত অভিযানৰ নেতৃত্ব দিছিল প্ৰাক্তন কৰ্ণেল নেকতাৰে। সেই সময়ত তেওঁ ২১ নং পেৰা ৰেজিমেণ্টত কাম কৰি আছিল। কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰৰে সন্মানিত এইগৰাকী সেনা বিষয়াই যোৱা বছৰ সেনাবাহিনীৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল।

৫ বছৰৰ বাবে মণিপুৰ আৰক্ষীৰ জ্যেষ্ঠ অধীক্ষক হিচাপেও তেওঁ নিযুক্তি লাভ কৰিছে। মণিপুৰ গৃহ বিভাগৰ সূত্ৰ অনুসৰি তেওঁৰ বাবে জ্যেষ্ঠ অধীক্ষক (কম্বেট) পদৰ সৃষ্টি (Manipur Home Department creates the post of Senior Superintendent (Combat) for him) কৰা হৈছে। যোৱা সপ্তাহত কেবিনেট বৈঠকৰ অন্তত ৰাজ্যপালে এই সিদ্ধান্তত অনুমোদন জনায়।
আভ্যন্তৰীণ সূত্ৰ অনুসৰি, ম্যানমাৰৰ পৰা মণিপুৰলৈ উগ্ৰপন্থীক অস্ত্ৰ যোগান ধৰা হৈছে। ফলত ম্যানমাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযানৰ নেকটাৰৰ অভিজ্ঞতা মণিপুৰ চৰকাৰৰ বাবে উপযোগী বুলি ধাৰণা কৰা হৈছে। কিন্তু মণিপুৰ চৰকাৰে মেইটেই সম্প্ৰদায়ৰ এজন প্ৰাক্তন সেনা বিষয়াক এছএছপি হিচাপে নিযুক্তি দিয়াৰ ফলত কুকিসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে।
তেওঁলোকৰ আশংকা যে তেওঁ কুকি ঐক্যক বিভাজিত কৰিবলৈ চেষ্টা কৰিব। এই ক্ষেত্ৰত ছচিয়েল মিডিয়াৰ সহায়ত ভাৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে। ইতিমধ্যে কেন্দ্রই ৰাজ্যৰ উপদেষ্টা হিচাপে নিযুক্তি দিছে চিআৰপিএফৰ প্রাক্তন মুৰব্বী কুলদীপ সিঙক৷ পি ডাংগলৰ ঠাইত মণিপুৰৰ ডিজিপি হিচাপে নিযুক্তি দিয়া হৈছে ৰাজীৱ সিঙক। তথাপিও পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন হোৱা নাই।













