![]()
সীমান্ত পথ সংস্থাই (Border Roads Organisation) অৰুণাচল প্ৰদেশৰ চেলা সুৰংগ (Sela Tunnel) পথটো সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে। এই সুৰংগ পথটো হৈছে ১৩০০০ ফুট উচ্চতাত অৱস্থিত বিশ্বৰ আটাইতকৈ দীঘল টুইন-লেন সুৰংগ। ছেপ্টেম্বৰৰ শেষৰ ফালে টাৱাঙৰ এলেকাসমূহত অস্ত্ৰ আৰু সৈনিকৰ দ্ৰুত নিয়োজনৰ বাবে এই সুৰংগ পথটো মুকলি হ’বলৈ গৈ আছে। ভাৰতে চীন সীমান্তৰ ওচৰত আন্তঃগাঁথনি বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সময়ত এই সুৰংগ পথটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

উল্লেখযোগ্য যে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত বালিপৰা-চাৰিদুৱাৰ-টাৱাং (বিচিটি) পথৰ ৭০০ কোটি টকীয়া চেলা সুৰংগৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দুৰ্গম অঞ্চলত সংযোগ উন্নত কৰাৰ বাবে আন এটা মূল প্ৰকল্প উত্তৰ-পূবৰ ৰাজ্যখনৰ নেচিফু সুৰংগ অহা সপ্তাহত উদ্বোধন হʼব বুলি নাম প্ৰকাশত অনিচ্ছুক এজন বিষয়াই কয়। পশ্চিম কামেঙৰ বিচিটি পথত ৫,৭০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে ৫০০ মিটাৰ সুৰংগ।
“চেলা সুৰংগ প্ৰকল্পটো সম্পূৰ্ণ হোৱাত কিছু পলম হৈছিল, কিয়নো বৰষুণৰ বতৰত ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনে এটা পথ ক্ষতিগ্ৰস্ত কৰিছিল। এতিয়া ই সম্পূৰ্ণ হোৱাৰ পথত আৰু চাৰি সপ্তাহৰ ভিতৰত সাজু হোৱাৰ সম্ভাৱনা আছে।” আন এজন সেনা বিষয়াই কয়। আনহাতে, চেলা সুৰংগ উদ্বোধন কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মোডীৰ পৰা সময় বিচাৰিব বুলিও বিষয়াসকলে জানিবলৈ দিয়ে।
এই প্ৰকল্পটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱাৰ কাৰণ হৈছে ১৪,০০০ ফুট চেলা পাছৰ ওপৰত টাৱাঙৰ সৈতে শীতকালীন সংযোগে কেইবা দশক ধৰি সেনাৰ বাবে এক লজিষ্টিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। প্ৰতি বছৰে তিনিৰ পৰা চাৰি মাহৰ বাবে মানুহ, অস্ত্ৰ আৰু সামগ্ৰীৰ যাতায়াত গুৰুতৰভাৱে প্ৰভাৱিত হৈছিল। নতুন সুৰংগটোৱে টাৱাঙলৈ ভ্ৰমণৰ সময় কমেও এক ঘণ্টা হ্ৰাস কৰিব, লগতে সকলো বতৰৰ সংযোগ প্ৰদান কৰিব।
প্ৰকল্পটোত ৯৮০ মিটাৰ দীঘল সুৰংগ ১ আছে আৰু ১,৫৫৫ মিটাৰ টুইন টিউব সুৰংগ ২ আছে। চেলাৰ পশ্চিমে দুটা ৰিজৰ মাজেৰে ওপৰলৈ আহিছে সুৰংগবোৰ।
প্ৰকল্পটোত ক্ৰমে ৭ কিলোমিটাৰ আৰু ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুটা পথো অন্তৰ্ভুক্ত কৰা হৈছে। ২ নং সুৰংগত যাতায়াতৰ বাবে এটা বাই-লেন টিউব আৰু জৰুৰীকালীন অৱস্থাৰ বাবে এটা এস্কেপ টিউব আছে। ৫০ জনতকৈ অধিক অভিযন্তা আৰু ৫০০ বিআৰঅʼ কৰ্মীয়ে শেহতীয়া অষ্ট্ৰিয়াৰ সুৰংগ নিৰ্মাণ কৌশল ব্যৱহাৰ কৰি চেলা সুৰংগ নিৰ্মাণৰ কামত জড়িত হৈ আছে।












