![]()
উচচতম ন্যায়ালয়ে (Supreme Court) কেন্দ্ৰ আৰু মণিপুৰ (Manipur) চৰকাৰক হিংসাত্মক পৰিস্থিতিত ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

অভিযোগ উত্থাপন হৈছে যে জনসংগঠনসমূহে অহৰহ পথ অৱৰোধ কৰাৰ বাবে মেইটেই বসবাস কৰা ইম্ফল উপত্যকালৈ খাদ্য, ঔষধ আৰু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব পৰা নাই। এনে পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে কয়, “আমি নিৰ্দেশ দিওঁ যে মণিপুৰৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ খাদ্য, ঔষধ আৰু অন্যান্য মৌলিক সামগ্ৰী বিতৰণ কৰাটো নিশ্চিত কৰক।” লগতে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক মণিপুৰৰ জনসংখ্যাৰ কোনো অংশ যাতে অৱৰোধৰ দ্বাৰা প্ৰভাৱিত নহয় সেয়া নিশ্চিত কৰিবলৈও কোৱা হৈছে।
উল্লেখযোগ্য যে উগ্ৰ জনজাতি সংগঠন ‘কুকি-জো প্ৰতিৰক্ষা’ বাহিনীয়ে যোৱা ২৬ আগষ্টৰ পৰা অনিৰ্দিষ্টকালৰ বাবে পথ অৱৰোধ আৰম্ভ কৰিছে। ফলত জনবসতিপূৰ্ণ জিলাসমূহৰ মাজেৰে অন্য ৰাজ্যৰ পৰা ৰাজধানী ইম্ফললৈ সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহে বাধাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য, যোৱা মাহত কুকি-জো জনজাতিৰ মহিলাসকলে দিল্লীত প্ৰতিবাদী সমাৱেশৰ আয়োজন কৰিছিল। তেওঁলোকে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে সাম্প্ৰদায়িক হিংসাৰ বলি হোৱা লোকসকললৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে যদিও মেইটেই প্ৰভাৱিত মণিপুৰ চৰকাৰে বসতিপ্ৰধান এলেকাত সঠিকভাৱে বিতৰণ কৰা নাই।

এনে পৰিস্থিতিত তেওঁলোকে নিৰপেক্ষভাৱে হিংসাৰ বলি হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ তদাৰক কৰিব পৰাকৈ জনজাতীয় জিলাসমূহৰ বাবে সুকীয়া প্ৰশাসনৰ প্ৰয়োজনীয়তাৰ দাবী জনায়। মণিপুৰৰ বিজেপি চৰকাৰে জনজাতি বসবাস কৰা পাহাৰীয়া জিলালৈ অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণত সহায় নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। ইয়াৰ পিছতে জনসংগঠনে অনিৰ্দিষ্টকাললৈ পথ অৱৰোধৰ আহ্বান জনায়।













