![]()
বহু প্ৰতীক্ষাৰ অন্তত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন (Chief Minister Dr. Himanta Biswa Sarma inaugurated) কৰে বহু চৰ্চিত মালিগাঁৱৰ উৰণ সেতু (Maligaon flyover)। উল্লেখযোগ্য যে পূৰ্বতে এই সেতুখন মালিগাঁও উৰণ সেতু হিচাপে নামকৰণ কৰা হৈছিল যদিও দুদিন পূৰ্বে সেতুখন ‘নীলাচল উৰণ সেতু’ হিচাপে পুনৰ নামকৰণ (Renamed as ‘Neelachal Flyover’) কৰা হয়।

বুধবাৰে অসমৰ আটাইতকৈ দীঘল উৰণ সেতুখন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আজি ৰাখী পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত শ্ৰীশ্ৰী মা কামাখ্যা দেৱীৰ পদৰেণুৰে ধন্য নীলাচল আৰু আদিংগিৰি পাহাৰৰ মাজৰ সমতলভূমিত নিৰ্মাণ কৰা অসমৰ আটাইতকৈ দীঘল উৰণ সেতুখন শুভ উদ্বোধন কৰাৰ পিছত এই অত্যাধুনিক নীলাচল উৰণ সেতুত খোজকাঢ়ি অতিশয় পুলকিত হৈ পৰোঁ৷
গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাট, মালিগাঁও চাৰিআলি আৰু কামাখ্যা গে’ট সংযোগী এই উৰণ সেতুখনে যান-জঁটৰ সমস্যা হ্ৰাস কৰিব৷ ২.০৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সেতুখনত খোজকাঢ়ি এক বিচিত্ৰ অভিজ্ঞতা লাভ কৰোঁ৷ তদুপৰি এই উৰণ সেতুখনে গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত এক নতুন মাত্ৰা সংযোজন কৰিব বুলি মই গভীৰভাৱে বিশ্বাসী।”

নীলাচল উৰণ সেতুৰ বিষয়ে কিছু কথা :
আধাৰশিলা স্থাপন : অক্টোবৰ, ২০২০
কাম আৰম্ভ : মাৰ্চ, ২০২১
প্ৰকল্প অভিযন্তা : অসম লোক নিৰ্মাণ বিভাগ
নিৰ্মাণ প্ৰতিষ্ঠান : Shri Gautam Construction Company Limited আৰু Anupam Nirman Pvt. Ltd.
মুঠ নিৰ্মাণ ব্যয় : ৪২০.৭৫ কোটি টকা
মুঠ দৈৰ্ঘ্য : ২.০৬৩ কিলোমিটাৰ
দুটা শাখা : মূল সেতু বৰিপাৰাৰ পৰা কামাখ্যা গে’ট আৰু প্ৰশাখা মালিগাঁৱৰ পৰা পাণ্ডু
মূল সেতু : চাৰিলেনযুক্ত আৰু দৈৰ্ঘ্য ২.৩ কিলোমিটাৰ
প্ৰশাখা : দুইলেনযুক্ত আৰু দৈৰ্ঘ্য প্ৰায় ৩০০ মিটাৰ

মুঠ খুঁটা : মূল সেতুত মূল খুঁটা ৫৯টা
প্ৰযুক্তি : Modern engineering technology
মুখ্য বৈশিষ্ট্য : Steel Guarder Structure
ব্যৱহাৰ কৰা মুঠ তীখা : মুঠ ২০,০০০ টন তীখা ব্যৱহাৰ
মুঠ কৰ্মশক্তি : ১৫০০ দক্ষ প্ৰফেচনেল ব্যক্তিয়ে কাম কৰে
পোহৰ ব্যৱস্থা : পোহৰৰ বাবে প্ৰতি ৩৫ মিটাৰ দূৰত্বত মুঠ ২১০ টা লাইটৰ খুঁটা আছে
উদ্বোধন : ৩০ আগষ্ট, ২০২৩
উদ্বোধক : ডঃ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী, অসম।













