![]()
অৱশেষত অপেক্ষাৰ অন্ত পেলাই মুকলি হ’ল বহু চৰ্চিত মালিগাঁও উৰণ সেতু (Maligaon Flyover)। বুধবাৰে পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা ৰাইজৰ যাতায়াতৰ বাবে মালিগাঁও ফ্লাই অ’ভাৰ মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Maligaon flyover inaugurated by Chief Minister Dr Himanta Biswa Sarma)।

উল্লেখ্য যে দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আৰু সুদীৰ্ঘ দিন পথাচাৰীয়ে যাতায়াতৰ ক্ষেত্ৰত ভোগ কৰি অহা দুৰ্ভোগৰ অন্ত পেলাই আজি অৱশেষত জনসাধাৰণৰ যাতায়াতৰ বাবে মুকলি কৰা হয় ৰাজ্যৰ বৰ্তমানলৈকে দীৰ্ঘতম ফ্লাই অ’ভাৰখন। এই উৰণ সেতুখন মুকলি হোৱাৰ পিছত মালিগাঁৱৰ যান-জঁট বহুখিনি কমিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে ৪২০ কোটি টকা ব্যসাপেক্ষে নিৰ্মাণ হোৱা মালিগাঁও উৰণ সেতুৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ২০২১ চনত। প্ৰায় দুবছৰ ধৰি নিৰ্মাণকাৰ্যৰ অন্তত ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন বুধবাৰে মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। এই সেতুখনৰ এটা অংশ কামাখ্যা গে’টৰ পৰা মালিগাঁৱৰ বৰিপাৰা ৰে’লৱে’ উৰণ সেতুৰ লগ লাগিছে। আনহাতে, মালিগাঁৱৰ পৰা উৰণ সেতুখনৰ এট অংশ পাণ্ডুলৈ গৈছে। মালিগাঁও উৰণ সেতুখন আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। উৰণ সেতুখনত ৰাজ্যৰ বিভিন্ন পৰম্পৰা আৰু প্ৰাকৃতিক উপাদানৰ চিত্ৰ অংকন কৰি অতি সুন্দৰভাৱে সজাই তোলা হৈছে।












