উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ কাৰবি যুৱ মহোৎসৱৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষলৈ (Karbi Youth Festival Golden Jubilee Year) মাজত মাথো ছয়টা মাহ বাকী৷ কাৰবি জনজাতিসকলৰ হেঁপাহৰ উৎসৱটিৰ গৌৰৱোজ্জল বৰ্ষটি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলৈ উদ্যোক্তাসকলে ছমাহ পূৰ্বেই যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলাইছে ৷
তাৰ মাজতে ১৯৭৪ চনৰ পৰা ঐতিহ্যমণ্ডিত কাৰবি ক্লাৱৰ পৰা আৰম্ভ হোৱা যুৱ মহোৎসৱটি ভ্ৰাম্যমান হিচাপে ১৯৮৭ চনলৈকে বিভিন্ন স্থানত অনুষ্ঠিত হৈছিল ৷ উক্ত ভ্ৰাম্যমান মহোৎসৱ কেইটাত জড়িত আৰু উত্থানত অৰিহনা যোগোৱা ব্যক্তিসকলক সম্বৰ্ধনা (Felicitation of persons involved in Festivals) বা ইতিমধ্যে ইহসংসাৰৰ পৰা চিৰ বিদায় লোৱা সকলৰ স্মৃতিচাৰণ কৰাৰ বাবে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷
অহা ৯ ছেপ্তেম্বৰত কাৰবি ক্লাৱত দিনজোৰা কাৰ্যসূচীৰে এই সম্বৰ্ধনা অনুষ্ঠানত উক্ত ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ’ব৷ সেয়ে যিসকলক ব্যক্তিক চিনাক্ত কৰা হৈছে সেইসকল ব্যক্তিক উক্ত অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ লগতে যিসকল ব্যক্তি চিনাক্তকৰণ হোৱা নাই সেইসকল ব্যক্তিক নিজাববীয়াকৈ এই সন্দৰ্ভত থকা অভ্যৰ্থনা সমিতিৰ ওচৰত অহা ৬ চেপ্তেম্বৰলৈ যোগাযোগ কৰিবলৈ অভ্যৰ্থনা সমিতিয়ে অনুৰোধ জনাইছে৷ আজিৰ সংবাদমেলত ডিফু-মাঞ্জা জ’নৰ সভাপতি দিলীপচিং তেৰাঙ, কাৰচ’ আমেইৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক ডঃ পংকজ টেৰণ, সহকাৰী সম্পাদক গোৱিন তেৰাঙ আৰু অভ্যৰ্থনা উপ-সমিতিৰ চেয়াৰপাৰ্চন হেলেন ইংতিপী উপস্থিত থাকে৷