![]()
বুধবাৰে পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা ৰাইজৰ যাতায়াতৰ বাবে মুকলি হ’ব বহুচৰ্চিত মালিগাঁও ফ্লাই অ’ভাৰ (Maligaon Flyover)। ইয়াৰ বাবে তীব্ৰ গতিত চলিছে উৰণ সেতুখনত অন্তিম পৰশ দিয়া কাম । ইতিমধ্যে উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে আৰু বাকীখিনি কাম মঙলবাৰে নিশাৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি জনাইছে ফ্লাই অ’ভাৰখন নিৰ্মাণত লগত জড়িত সংশ্লিষ্ট নিৰ্মাণ কোম্পানীটোৱে ।

উল্লেখ্য যে দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আৰু সুদীৰ্ঘ দিন পথাচাৰীয়ে যাতায়াতৰ ক্ষেত্ৰত ভোগ কৰি অহা দুৰ্ভোগৰ অন্ত পেলাই ৩০ আগষ্টত যাতায়াতৰ বাবে মুকলি কৰা হ’ব ৰাজ্যৰ বৰ্তমানলৈকে দীৰ্ঘতম ফ্লাই অ’ভাৰখন । এই উৰণ সেতুখন মুকলি হোৱাৰ পিছত মালিগাঁৱৰ যান-জঁট বহুখিনি কমিব বুলি আশা কৰা হৈছে ।
আনহাতে, মালিগাঁও ফ্লাই অ’ভাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে বুধবাৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া ৫ বজাত আনুষ্ঠানিকভাৱে মালিগাঁও উৰণ সেতুখন মুকলি কৰিব ৷
উল্লেখ্য যে ৪২০ কোটি টকা ব্যসাপেক্ষে নিৰ্মাণ হোৱা মালিগাঁও উৰণ সেতুৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ২০২১ চনত । প্ৰায় দুবছৰ ধৰি নিৰ্মাণকাৰ্যৰ অন্তত ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন বুধবাৰে মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে । এই সেতুখনৰ এটা অংশ কামাখ্যা গে’টৰ পৰা মালিগাঁৱৰ বৰিপাৰা ৰে’লৱে’ উৰণ সেতুৰ লগ লাগিছে ।
আনহাতে, মালিগাঁৱৰ পৰা উৰণ সেতুখনৰ এট অংশ পাণ্ডুলৈ গৈছে । উল্লেখ্য যে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ মালিগাঁও উৰণ সেতুখন আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে । উৰণ সেতুখনত ৰাজ্যৰ বিভিন্ন পৰম্পৰা আৰু প্ৰাকৃতিক উপাদানৰ চিত্ৰই স্থানলাভ কৰিছে ।













