![]()
মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ (Manipur Violence) মাজতে মেইটেই সম্প্ৰদায়ৰ এটা অংশই মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে। মণিপুৰৰ সংঘাতৰ ফল স্বৰূপেই এটা পক্ষই আনফালৰ গাঁৱত প্ৰৱেশ কৰি সুযোগ পালেই মানুহক হত্যা কৰিছে। আনকি মহিলা আৰু মানসিক ৰোগীয়েও ৰেহাই পোৱা নাই। কিন্তু সংঘাতৰ ১১৬ দিন পিছত মণিপুৰত দেখা গʼল এক ব্যতিক্ৰমী পৰিঘটনা। এইবাৰ বিপক্ষক বিচাৰি মাৰিবলৈ নহয়, পূব ইম্ফলৰ এখন গাঁৱৰ মেইটেইসকলে হাতে হাত মিলাই এজন কুকি গাঁৱৰ লোকক বচালে।

আৰক্ষীৰ তথ্য অনুসৰি, কুকি অধ্যুষিত কাংপোকপি জিলাৰ সাদাং গাঁৱৰ পৰা লক্ষ্যহীনভাৱে খোজকাঢ়ি গৈ পূব ইম্ফলৰ মেইটেই গাঁৱৰ পুখাও আহনলুপত উপস্থিত হয় ছেইলুন গুইটে নামৰ এজন ৬২ বছৰীয়া ব্যক্তি। দেওবাৰে পুৱা গাঁৱৰ ৰাইজে ব্যক্তিজনক দেখা পায়। তেওঁক প্ৰশ্ন কৰাৰ পিছত বুজিব পাৰে যে তেওঁৰ মানসিক সমস্যা আছে। লগে লগে তেওঁলোকে সিদ্ধান্ত লয় যে সশস্ত্ৰ মেইটেই বাহিনীৰ চকুৰ পৰা বৃদ্ধজনক আঁতৰাই লুকুৱাব লাগিব।
গাঁৱৰ এটা ঘৰত তেওঁক আশ্ৰয় দিয়া হয়। ইয়াৰ পিছতে গাঁওবাসীয়ে গোপনে নিৰাপত্তা বাহিনীক ফোন কৰে। কিন্তু সেনাই আশংকা কৰিছিল যে কুকি মানুহজনক মেইটেই গাঁৱৰ পৰা লৈ যোৱা হৈছে বুলি খবৰ পালে বিপদৰ সৃষ্টি হʼব পাৰে। গতিকে কাংপকপিৰ ছৈকুল থানাৰ অʼচিক গোপনে বিষ্ণুপুৰ আৰু কাংপকপিৰ বাফাৰ জʼন অৰ্থাৎ মেইটেই আৰু কুকি বসবাস কৰা অঞ্চললৈ যাবলৈ জনোৱা হয়।
ইয়াৰ পিছত গাঁৱৰ মানুহে বৃদ্ধজনক গোপনে নিৰাপদ স্থানত তেওঁক আৰক্ষীৰ হাতত গতাই দিয়ে। ইম্ফলৰ ছাগোলমাং থানাৰ অʼচি বসন্ত এলে কয়, “এজন নিৰীহ ব্যক্তিৰ জীৱন ৰক্ষাৰ বাবে বিপদত পৰা গাঁওখনৰ ৰাইজে যি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে, সেয়া বাকীসকলৰ বাবে আদৰ্শ হৈ উঠিব বুলি আমি আশা কৰিছোঁ।”













