![]()
কটন বিশ্ববিদ্যালয় (Cotton University) ছাত্ৰ একতা সভাৰ এক বিশেষ আয়োজন। তেওঁলোকে এই অনুষ্ঠানৰ নাম দিছে “প্ৰীতিৰ সুবাস”। অহা ২৮ আগষ্ট তাৰিখে সমগ্ৰ অসমৰ হৃদয়ত বাস কৰা জনপ্ৰিয় শিল্পী তথা হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লৈ ছাত্ৰ একতা সভাই আয়োজন কৰিছে এক ব্যতিক্ৰমী অনু্ষ্ঠানৰ।

জুবিন গাৰ্গৰ ৩০ বছৰীয়া বৰ্ণিল সাংগীতিক পৰিক্ৰমাক কেন্দ্ৰ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই ২৮ আগষ্ট তাৰিখৰ দিনটোত শিল্পীগৰাকীৰ সকলো বয়সৰ অনুৰাগীৰ বাবে এখন মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাখনৰ পৰিচালনাৰ দায়িত্বত থাকিব প্ৰাক্তন কটনিয়ান সায়ন্তন শইকীয়া। আনহাতে, প্ৰতিযোগিতাখনৰ বঁটা বিজয়ীসকলক জুবিন গাৰ্গৰ উপস্থিতিত পুৰস্কাৰ প্ৰদান কৰা হ’ব।













