![]()
মহাকাশ অভিযান আৰু গৱেষণাৰ ক্ষেত্ৰত (Space missions and research fields) বিগত ২৩ আগষ্টত ইছৰো তথা ভাৰতে (ISRO and India on August 23) এক নতুন মাইলৰ খুঁটি স্থাপন (Setting up new milestones) কৰিলে। লগতে চন্দ্ৰ অভিযানৰ সফলতাৰ এক নতুন ইতিহাস ৰচনা কৰে। যাৰ প্ৰতিগৰাকী দেশবাসী গৌৰৱান্বিত। আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি প্ৰতিগৰাকী ভাৰতীয়ই ইছৰোৰ দলটোক প্ৰশংসা আৰু শুভেচ্ছাৰে উপচাই দিছে। কেৱল দেশৰ মাজতে সীমাবদ্ধ হৈ থকা নাই এই সফলতাৰ জয়গান। বিভিন্ন দেশ, ৰাষ্ট্ৰনেতা, সংবাদ মাধ্যম তথা মহাকাশ গৱেষণা সংস্থাও ইছৰো তথা ভাৰতৰ প্ৰশংসাত পঞ্চমুখ।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদী চন্দ্ৰযান-৩ৰ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছিল দক্ষিণ আফ্ৰিকাৰ পৰা। ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ তাত আছিল প্ৰধানমন্ত্ৰী। দক্ষিণ আফ্ৰিকাৰ পৰা গ্ৰীচ হৈ দেশলৈ উভতি আহিছে মোদী।

তাৰ পিছত শনিবাৰে পুৱা ৭ বজাত চন্দ্ৰ অভিযানৰ বিজ্ঞানী তথা তাৰ লগত জড়িত বিভিন্নজনক অভিনন্দন জনাবলৈ ইছৰোত উপস্থিত হয় প্ৰধানমন্ত্ৰী। তাত তেওঁ ইছৰোৰ অধ্যক্ষ এছ সোমনাথক সাক্ষাৎ কৰাৰ লগতে বিজ্ঞানীৰ দলটোৰ সৈতেও কথা পাতে। সেই সময়তে ভাৰতৰ চন্দ্ৰ অভিযানৰ সফলতাৰ ঐতিহাসিক দিনটোক চিৰ স্মৰণীয় কৰি ৰখাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে।
তাৰ বাবে ২৩ আগষ্টৰ দিনটোক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা (National Space Day declared on August 23) কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰতি বছৰে ২৩ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰাৰ কথাও তেওঁ উল্লেখ কৰে। আনহাতে, চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত ভৰি দিয়া স্থানটুকুৰাৰো নামকৰণ কৰা হয়। ইয়াৰ নাম দিয়া হৈছে ‘শিৱ শক্তি’।













