চন্দ্ৰযান-৩ৰ সফলতাৰ (Chandrayaan-3’s success) পিছত ২০১৯ চনৰ বিফলতাৰ স্মৃতিৰ কথা বাৰে বাৰে ৰোমন্থন কৰিছে ইছৰোৰ মুৰব্বী এছ সোমনাথে (ISRO chief S Somnath)। এক সাক্ষাৎকাৰত তেওঁ কয়, “বুজিবলৈ এবছৰ সময় লাগিল, ভুল ক’ত হ’ল!” লগতে জনালে, কেনেদৰে শূন্যৰ পৰা আৰম্ভ কৰিছিল সকলো। ব্যৰ্থতাৰ পৰা শিকিবলগা হৈছিল। অৰ্থাৎ বাৰ্তা স্পষ্ট, পূৰ্বৰ মিছন সম্পূৰ্ণ নহʼলেও ইছৰো পৰাজিত নহʼল। লক্ষ্য পিছে আৰু বহু দূৰৈত। উদ্দেশ্য এটায়ে, চন্দ্ৰত কলনী স্থাপন! ইছৰোৰ মুৰব্বীয়ে কয়, “মানুহে চন্দ্ৰলৈ যাব বিচাৰে। তাত আৱাসিক এলেকাও নিৰ্মাণ কৰিব বিচাৰে। আমি সৰ্বোত্তম অঞ্চলটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছো।”
এই দিনটোৰ বাবে ইছৰোৱে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। সোমনাথে কয়, “এবছৰ ধৰি কেৱল ভুল বিচৰা হ’ল। পিছৰ বছৰ পুনৰ কাম আৰম্ভ হʼল। কিন্তু কোভিডৰ বাবেও বহু কাম পলম হয়।” ইছৰোৰ মুৰব্বীজনে লগতে কয়, ব্যৰ্থতাৰ পৰা পথ বিচাৰি চন্দ্ৰযান-৩ত failure based upgrade কৰা হৈছে। তাৰ বাবে বিক্ৰমৰ ভৰি দুখন শক্তিশালী কৰা হয় যাতে নিৰাপদে অৱতৰণ কৰিব পাৰে। পূৰ্বৰ বাহনখনৰ দুয়োফালে ছ’লাৰ পেনেল আছিল। এইবাৰ চাৰিটা স্থাপন কৰা হৈছে। লগতে চন্দ্ৰত চফ্ট লেণ্ডিঙৰ বাবে অধিক উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। কাৰণ চন্দ্ৰযান-২ অৱতৰণৰ শেষ পৰ্যায়ত ভাঙি গৈছিল।