
চন্দ্ৰযান-৩ অভিযান সফল (Chandrayaan-3 mission successful) হোৱাৰ পিছত ইছৰোৱে বুধবাৰে কয় যে চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ লগে লগে চন্দ্ৰপৃষ্ঠত উপনিবেশ স্থাপনৰ লক্ষ্যত উপনীত হোৱাৰ দিশত আৰু এখোজ আগবাঢ়ি গৈছে। মহাকাশচাৰীৰ বাবে মহাকাশ গৱেষণাৰ বাবে চন্দ্ৰক ‘বিশ্ৰাম স্থান’ হিচাপে গঢ়ি তোলাৰ (Making the Moon a ‘resting place’) প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতৰ চন্দ্ৰযান-৩ অভিযানে।
বুধবাৰে সন্ধিয়া ইছৰোৰ চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠত স্পৰ্শ কৰে। আনহাতে, ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে পুৱাৰে পৰা চন্দ্ৰপৃষ্ঠত খোজকাঢ়িবলৈ আৰম্ভ কৰে ৰ’ভাৰ প্ৰজ্ঞানে (Rover Pragyan begins to walk on the lunar surface)। ইছৰোৰ মুৰব্বী এছ সোমনাথে (S Somnath chief of ISRO) বৃহস্পতিবাৰে সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত কয় যে চন্দ্ৰত অৱতৰণ কৰিবলৈ চন্দ্ৰযান-৩য়ে কিয় দক্ষিণ মেৰু বাছি লৈছিল।
সোমনাথে কয়, “আমি চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰা ৭০ ডিগ্ৰী দূৰত অৱতৰণ কৰিলোঁ। দক্ষিণ মেৰুত পোহৰ-আন্ধাৰৰ পৰিৱেশ। কিন্তু তথাপিও ইয়ালৈ নামি অহাৰ বহু কাৰণ আছে। আটাইতকৈ ডাঙৰ কাৰণটো হ’ল চন্দ্ৰৰ এই অঞ্চলটোত মহাকাশ গৱেষণাৰ বাবে প্ৰয়োজনীয় তথ্য লাভ কৰাৰ সম্ভাৱনা অধিক।”

পানীৰ সন্ধানৰ উপৰি ইছৰোৱে চন্দ্ৰৰ এই অঞ্চলত ভূমিকম্পৰ মাত্ৰা, মাটিত থকা ৰাসায়নিক পদাৰ্থ আনকি খনিজ পদাৰ্থও বিচাৰিব। সোমনাথে কয়, “চন্দ্ৰৰ ওপৰত গৱেষণা কৰি থকা সকলো বিজ্ঞানীয়ে চন্দ্ৰৰ এই অঞ্চলটোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। কাৰণ অৱশেষত মানুহে চন্দ্ৰলৈ যাব বিচাৰে। তাত তেওঁলোকে আৱাসিক এলেকাও নিৰ্মাণ কৰিব বিচাৰে। যাতে তাৰ পৰা তেওঁলোকে দূৰৈৰ মহাকাশলৈ যাত্ৰা কৰিব পাৰে। গতিকে আমি কʼব পাৰো, আমি সেই কামৰ বাবে সৰ্বোত্তম ক্ষেত্ৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছো। চন্দ্ৰৰ দক্ষিণ মেৰুত এনে ঠাই পোৱাৰ বিপুল সম্ভাৱনা আছে।”
চন্দ্ৰত বসবাসযোগ্য ঠাই নিৰ্মাণৰ বাবে বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি গৱেষণা কৰি আহিছে। সৌৰজগতৰ অন্যান্য গ্ৰহ যেনে মংগল, শুক্ৰ, বৃহস্পতি গ্ৰহলৈ যোৱাৰ প্ৰয়াস দীৰ্ঘদিন ধৰি চলি আহিছে। সেয়ে বিজ্ঞানীসকলে চন্দ্ৰক বৃহৎ মহাকাশ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথাও চিন্তা কৰিছে। কিন্তু সেই ধাৰণাবোৰ কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় তথ্য এতিয়াও বিজ্ঞানীৰ হাতত নাই। চন্দ্ৰযান-৩ৰ পৰা পোৱা তথ্যই সেই কামত সহায় কৰিব পাৰে বুলি ইছৰোৰ মুৰব্বীগৰাকীৰ মতামত। তেনে ক্ষেত্ৰত ভাৰতৰ চন্দ্ৰ অভিযানক চন্দ্ৰত বসতি স্থাপনৰ পথৰ প্ৰথম পদক্ষেপ বুলি কʼব পাৰি।













