![]()
চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিলে ভাৰতে (Moon’s Surface Touch India)। বুধবাৰে সন্ধিয়া ইছৰোৰ চন্দ্ৰযান-৩ অভিযান সফল হয়। এই সফলতাৰ পিছত চন্দ্ৰত মহাকাশযান অৱতৰণ কৰা ভাৰত চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে কেৱল আমেৰিকা, ৰাছিয়া আৰু চীনেহে এই কৃতিত্ব অৰ্জন কৰিছিল। কেৱল সেয়াই নহয়, ইছৰোই ৰচনা কৰিলে আন এক ইতিহাস। চন্দ্ৰৰ দক্ষিণ মেৰু এতিয়ালৈকে অন্বেষিত হৈ আছিল। চন্দ্ৰৰ এই মেৰুত ভৰি দিয়া প্ৰথমখন দেশৰ গৌৰৱ অর্জন কৰে ভাৰতে। এতিয়া চন্দ্ৰৰ দক্ষিণ মেৰু আৱিষ্কাৰৰ কৃতিত্ব ভাৰতৰ।
বুধবাৰে সন্ধিয়া ৫.৪৫ বজাৰ পৰা বিক্ৰমৰ অৱতৰণ প্ৰক্ৰিয়া আৰম্ভ হয়। তাৰ ঠিক ১৯ মিনিট পিছতে চন্দ্ৰত অৱতৰণ কৰে লেণ্ডাৰখনে। ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে এই ১৯ মিনিট ধৰি সমগ্ৰ দেশে ৰুদ্ধশ্বাসেৰে অপেক্ষা কৰি আছিল। সন্ধিয়া ৫.২০ বজাৰ পৰা ইছৰোৱে সমগ্ৰ প্ৰক্ৰিয়াটোৰ লাইভ সম্প্ৰচাৰ আৰম্ভ কৰে। দক্ষিণ আফ্ৰিকাৰ পৰা উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
চন্দ্ৰপৃষ্ঠত বিক্ৰম অৱতৰণ কৰাৰ কেইঘণ্টামানৰ ভিতৰতে তাৰ পেটৰ পৰা ওলাই আহে ৰ’ভাৰ প্ৰজ্ঞান। লাহে লাহে ই নিজৰ কাম কৰিবলৈ আৰম্ভ কৰে। গতি অতি লেহেমীয়া, প্ৰতি ছেকেণ্ডত মাত্ৰ এক চেণ্টিমিটাৰ।

বিক্ৰম চন্দ্ৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বৰ কক্ষপথত আছিল। প্ৰথমে গতি সাত কিলোমিটাৰলৈ হ্ৰাস কৰা হয়। এই পৰ্যায়টোক ‘ৰাফ ব্ৰেকিং’ বোলা হয়। ইয়াৰ পিছত ‘ফাইন ব্ৰেকিং’ আৰম্ভ হয়। লাহে লাহে উচ্চতা ৮০০ মিটাৰ, ১৫০ মিটাৰ, ৬০ মিটাৰ, ১০ মিটাৰলৈ হ্ৰাস পায়। এই পৰ্যায়ত বিক্ৰমৰ ভিতৰৰ কেমেৰা আৰু চেন্সৰবোৰৰ অৱতৰণৰ বাবে উপযুক্ত ভূমিৰ সন্ধান অহৰহ কৰি আছিল। ভূমি তুলনামূলকভাৱে মসৃণ, গাঁত বা শিলৰ টুকুৰা নোহোৱাকৈ হʼব লাগে। ইছৰোৱে নিজৰ কথা ৰক্ষা কৰি ঠিক ৬.০৩ বজাত বিক্ৰমে চন্দ্ৰত অৱতৰণ (Vikram lands on moon at 6.03 pm) কৰে।
প্ৰজ্ঞানৰ প্ৰকৃত কাম কি?
ইছৰোৰ একাংশ বিজ্ঞানীৰ মতে, চন্দ্ৰৰ বুকুৰ ‘প্ৰকৃত কাম’ আৰম্ভ হৈছে ৰ’ভাৰ প্ৰজ্ঞান চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছতে। ৰ’ভাৰখনত একাধিক দিশগত অটোমেটিক কেমেৰা সংযুক্ত কৰা হৈছে। প্ৰজ্ঞানে চন্দ্ৰৰ মাটি অন্বেষণ কৰি আছে। প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা আৰু ইছৰোৰ লোগো আঁকিব (Pragyan will draw India’s national flag and ISRO logo on the lunar surface)। প্ৰজ্ঞানে চন্দ্ৰৰ পৰা সংগ্ৰহ কৰা সকলো তথ্য বিক্ৰমলৈ প্ৰেৰণ কৰিব। বিক্ৰমে সেই বাৰ্তা বিশ্ববাসীলৈ প্ৰেৰণ কৰিব।
প্ৰজ্ঞানে কি কৰিব?
লাখ লাখ বছৰত চন্দ্ৰৰ ভূ-ৰূপ কেনেকৈ গঢ় লৈ উঠিছে, চন্দ্ৰৰ মাটি কি কি মৌলৰ দ্বাৰা গঠিত সেই বিষয়ে অনুসন্ধান কৰি প্ৰজ্ঞানে বাৰ্তা প্ৰেৰণ কৰিব। আগন্তুক দুসপ্তাহত সি স্পেকট্ৰোমিটাৰ বিশ্লেষণৰ জৰিয়তে চন্দ্ৰৰ মাটিত কেনেধৰণৰ খনিজ পদাৰ্থ আছে সেই বিষয়ে ভালদৰে চাব। এই সকলোবোৰ পৰীক্ষা সম্পন্ন কৰিবলৈ লেণ্ডাৰ আৰু ৰ’ভাৰে পাঁচটা বৈজ্ঞানিক যন্ত্ৰ কঢ়িয়াই লৈ ফুৰিছে।













