![]()
মিজোৰামৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত্বত ছাইৰাং অঞ্চলৰ সমীপত বুধবাৰে পুৱা প্ৰায় ১১ বজাত এখন নিৰ্মাণৰত ৰেʼল দলং ভাঙি (Mizoram Bridge Collapse) পৰাৰ ফলত কমেও ১৭ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

আইজললৈ ৰেʼল সংযোগ সম্প্ৰসাৰণৰ বাবে নিৰ্মাণ কৰা দলংখনৰ ওপৰত ঘটনাটোৰ সময়ত ৪০ জন নিৰ্মাণ শ্ৰমিক আছিল। পিটিআয়ে এজন আৰক্ষী বিষয়াৰ উদ্ধৃতি দি কয়, “এতিয়ালৈকে ধ্বংসাৱশেষৰ পৰা সোতৰটা মৃতদেহ উদ্ধাৰ কৰা হৈছে… আন বহু মৃতদেহ এতিয়াও সন্ধানহীন হৈ আছে।” জানিব পৰা মতে, ইয়ং মিজো এছোচিয়েচনৰ ছাইৰাং শাখাই উদ্ধাৰ অভিযান চলাই আছে।
আনহাতে, উত্তৰ-পূব সীমান্ত ৰেʼলৱেৰ (এনএফআৰ) মুখ্য জনসংযোগ বিষয়া সব্যসাচী দেয়ে কয়, “খহি পৰা দলংখন উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীৰ সৈতে সংযোগৰ বাবে ভাৰতীয় ৰেʼলৱেৰ প্ৰকল্পৰ অংশ আছিল। কিছু বছৰ ধৰি নিৰ্মাণৰ কাম চলি আছে। পুৱা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণ আৰু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰকৃততে ইয়াত কিমান লোক আছিল সেই বিষয়ে আমি এতিয়াও জানিব পৰা নাই।”













