![]()
অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত চূড়ান্ত হ’ল মালিগাঁও lফ্লাইঅ’ভাৰ (Maligaon Flyover) উদ্বোধনৰ তাৰিখ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) সোমবাৰে ঘোষণা কৰে এই তাৰিখ। গুৱাহাটীৰ বৰ্তমানলৈকে আটাইতকৈ দীঘল ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত মালিগাঁও উৰণীয়া সেতুখন ৩০ আগষ্টত ৰাখী পূৰ্ণিমা উপলক্ষে উদ্বোধন কৰা হ’ব।

‘এক্স’ প্লেটফৰ্মত (পূৰ্বৰ টুইটাৰ) মুখ্যমন্ত্ৰীয়ে কয়, “মালিগাঁও চাৰিআলিক কামাখ্যা মন্দিৰ ৰোড ট্ৰাই-জংচন আৰু পাণ্ডুৰ ফালে সংযোগ কৰা ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰি লেনযুক্ত ফ্লাইঅ’ভাৰখনৰ উদ্বোধনৰ তাৰিখ ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো। ৪২০ কোটি টকা ব্যয়ৰ এই প্ৰকল্পটো ৩০ আগষ্টত (ৰাখী পূৰ্ণিমাৰ দিনা) উদ্বোধন কৰা হ’ব।”
উল্লেখযোগ্য যে মালিগাঁও ফ্লাইঅভাৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম কৰিছে গ্ৰাফিট্টি শিল্পী নীলিম মহন্তই। তেওঁ ফ্লাইঅ’ভাৰখন সুন্দৰভাৱে সজাই-পৰাই তোলা কামত জড়িত হৈ আছে।













