![]()
যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে এজন যুৱকে নিজৰ লিভ-ইন সংগীক স্ক্ৰু ড্ৰাইভাৰেৰে আক্ৰমণ (Man attacks live-in partner with screwdriver in Gurgaon) কৰে। এই ঘটনাত অভিযুক্ত শিৱম কুমাৰক গ্ৰেপ্তাৰ (Accused Shivam Kumar arrested) কৰা হৈছে। শুকুৰবাৰে গুৰুগ্ৰামৰ ৰাজীৱ চʼকৰ পৰা গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশৰ বাসিন্দা শিৱমক।

জানিব পৰা মতে, অভিযোগকাৰীজনো উত্তৰ প্ৰদেশৰ বাসিন্দা। শিৱমে ২৮ বছৰীয়া যুৱতীগৰাকীৰ সৈতে লিভ-ইন সম্পৰ্কত লিপ্ত হয়। যোৱা বৃহস্পতিবাৰে যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল। কিন্তু যুৱতীগৰাকীয়ে সন্মতি নিদিয়াৰ বাবে তেওঁ যুৱতীগৰাকীৰ ডিঙিত স্ক্ৰু ড্ৰাইভাৰেৰে প্ৰহাৰ কৰে। যুৱতীগৰাকীয়ে জনায় যে তেওঁ স্বামীৰ সৈতে নাথাকে। গুৰুগ্ৰামৰ ভাড়াঘৰত বাস কৰিছিল।তাতে কনৌজ নিবাসী শিৱমৰ লগত চিনাকি হয়। ইয়াৰ পিছত দুয়ো লিভ-ইন সম্পৰ্কত থাকে। বিবাহৰ প্ৰতিশ্ৰুতিৰে শিৱমে বাৰে বাৰে যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত হৈছিল। কিন্তু শেহতীয়াকৈ যুৱতীগৰাকীয়ে গম পায় যে শিৱমৰ বিয়া হৈছে। তাৰ পিছত বৃহস্পতিবাৰে সন্ধিয়া শিৱমে বলপূৰ্বকভাৱে শাৰীৰিক সংগম কৰিব বিচাৰে।
যুৱতীগৰাকীয়ে অস্বীকাৰ কৰাত শিৱমে তেওঁৰ ডিঙিত স্ক্ৰু ড্ৰাইভাৰেৰে প্ৰহাৰ কৰি পলায়ন কৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজে আহত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে। তাৰপিছত শিৱমক গ্ৰেপ্তাৰ কৰা হয়।











