![]()
শ্বাহৰুখ খানৰ সৈতে এবাৰ শ্বুটিং কৰিছিল অমিতাভ বচ্চনে (Amitabh Bacchan)। শ্বুটিঙৰ বিৰতিৰ সময়ত তেওঁ কিং খানৰ ভেনিটি ভেনত প্ৰৱেশ কৰে। ভেনখনত ভৰি থৈয়েই তেওঁৰ চকু কপালত উঠে। টিভি চেট, চকী, টেবুলৰ ব্যৱস্থা আছে। সেইবোৰ আকৌ সামৰিও থʼব পাৰি। তাৰোপৰি মেকআপৰ বাবেও ঠাই আছে। লগতে শৌচাগাৰ এটাও আছে।

মুঠতে সকলো আধুনিক সঁজুলি তাত আছে। চাই তেওঁৰ বৰ ভাল লাগে। জানিব বিচাৰে যে শ্বাহৰুখৰ ভেনিটি ভেনখন কোনে সজাইছিল? ‘বাদশ্বাহ’ খানে মৃদু হাঁহি এটা মাৰি কʼলে যে তেওঁৰ পত্নী গৌৰীৰ কাম সকলো। ঘৰৰ বাহিৰেও শ্বাহৰুখৰ সকলো বস্তু তেওঁৰ দ্বাৰা ডিজাইন কৰা হৈছে।
শুনি ভাল লাগিল অমিতাভৰ। কণমানি আবদাৰেৰে শ্বাহৰুখক হাঁহি এটা মাৰি ক’লে, “গৌৰীক মোৰ ভেনিটি ভেন সজাবলৈ কোৱা না!” শ্বাহৰুখে শুনি হাঁহিলে। চেহেনশ্বাহৰ আক্ষেপ, “আজি আহিম, কাইলৈ আহিম কৈ গৌৰী আজিলৈ অহা নাই!” সেই কথাত অমিতাভ বৰ বিচলিত।
এই ঘটনাটো অমিতাভে নিজেই তেওঁৰ ‘কৌন বনেগা ক্ৰৌৰপতি’ৰ এটা খণ্ডত উদঙাই দিয়ে।ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক কপিল দেৱে সেই খণ্ডটোত যোগদান কৰিছিল। এখন কিতাপ আছিল আৰু সেইখনৰ লেখকৰ নাম জানিব বিচাৰিছিল। গ্ৰন্থখন ৰচনা কৰিছিল গৌৰী খানে। কপিল দেৱে শুদ্ধ উত্তৰ দিওঁতে তেতিয়াই অমিতাভে মনৰ কথা প্ৰকাশ কৰে। কʼলে, তেওঁ এতিয়াও গৌৰীৰ আশাত আছে!










