![]()
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) দৰ্শকৰ মাজত আমেৰিকান কংগ্ৰেছৰ প্ৰতিনিধি দলৰ সৈতে স্বাধীনতা দিৱসৰ ভাষণত ভাৰতক ‘গণতন্ত্ৰৰ জননী’ বুলি উল্লেখ কৰিছিল। শেহতীয়াকৈ গুৰুগ্ৰামত সংঘটিত হিংসাত্মক পৰিস্থিতিত ক্ষতিগ্ৰস্ত সংখ্যালঘুসকলক সাক্ষাৎ কৰে প্ৰতিনিধি দলটোৰ ডেমোক্ৰেটিক দলৰ নেতা ৰো খান্নাই (Ro Khanna)। লগতে মণিপুৰৰ পৰা অহা এটা প্ৰতিনিধি দল আৰু কাৰাগাৰত বন্দী মানৱ অধিকাৰ কৰ্মী ওমৰ খালিদৰ পিতৃকো সাক্ষাৎ কৰে।

মহাত্মা গান্ধীৰ নাতিনিয়েক তুষাৰ গান্ধীৰ সৈতেও কথা পাতে। খান্নাই টুইটাৰত লিখিছে, “মই বহুত্ববাদ আৰু মুছলমানকে ধৰি সকলো সংখ্যালঘু সম্প্ৰদায়ৰ মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ পক্ষপাতী।”
নিঃসন্দেহে বিষয়টো মোডী চৰকাৰৰ বাবে অস্বস্তিকৰ৷ বিশেষকৈ নতুন দিল্লীত জি-২০ চলি থকা সময়ত আমেৰিকাৰ নেতাসকলৰ এই কাৰ্যত। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত খান্নাই কয়, “মণিপুৰৰ প্ৰতিনিধিয়ে মোক কৈছে যে তেওঁলোকে ভাৰতক ভালপায়। তেওঁলোকৰ বহু প্ৰজন্ম ইয়াত বাস কৰিছে। তেওঁলোকে মৰ্যাদাৰে ভাৰতত জীয়াই থাকিব বিচাৰে। তেওঁলোকৰ কথা শুনাটো গুৰুত্বপূৰ্ণ আছিল।”
আনহাতে, আমেৰিকান কংগ্ৰেছৰ সদস্যজনৰ সৈতে হোৱা বৈঠকৰ অন্তত তুষাৰে নিজেই টুইট কৰি কয়, “মই তেওঁক ভাৰতৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিলো। ভাৰত এতিয়া ঘৃণাৰ নৰক হৈ পৰিছে। সকলোৱে ভয় আৰু নিৰাপত্তাহীনতাত ভুগিছে।” তাৎপৰ্যপূৰ্ণভাৱে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত খান্নাই টুইটাৰযোগে তুষাৰ গান্ধীৰ কথাই সৰ্বাধিক যুক্তিযুক্ত বুলি কয়।











