![]()
অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, সাহিত্যিক, সমাজসেৱক, অসমীয়া ভাষাৰ নিৰৱচ্ছিন্ন সাধক তথা ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক দেৱেন দত্তই (Deven Dutta) ইহলীলা সম্বৰণ কৰা বাতৰি লাভ কৰি সমগ্ৰ ৰাজ্যবাসী শোকবিহ্বল হৈ পৰিছে। তেখেতৰ দৰে এগৰাকী বৰেণ্য ব্যক্তিৰ বিয়োগ অসমৰ শৈক্ষিক, সামাজিক আৰু বৌদ্ধিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি বিভিন্ন জনে মত পোষণ কৰিছে।

উল্লেখ্য যে, হৃদৰোগত আক্রান্ত হৈ আছিল শিক্ষাবিদগৰাকী। ১১ আগষ্টত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। অৱশেষত কালি নিশা অৰ্থাৎ ১৭ আগষ্ট নিশা GMCHত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই। নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব বিশিষ্ট শিক্ষাবিদ গৰাকীৰ।
দেৱেন দত্তৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। এক শোকবার্তাত মুখ্যমন্ত্ৰীয়ে কয়, “বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক শ্ৰদ্ধাৰ দেৱেন দত্তদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক মৰ্মাহত কৰি তুলিছে। ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা কটন কলেজৰ প্ৰাক্তন অধ্যাপক দত্তদেৱৰ বিয়োগ অসমৰ সামাজিক আৰু শৈক্ষিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।”













