আজি পুৱাৰ ভাগতে এদিনীয়া ভ্ৰমণসূচীলৈ পাহাৰীয়াজিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত উপস্থিত হৈছেহি অসমৰ ৰাজ্যপাল গোলাৱচান্দ কাটাৰিয়া (Assam Governor Golavchand Kataria visits in Diphu)৷ গুৱাহাটীৰ পৰা জেড প্লাছ নিৰাপত্তাৱেষ্টনীৰ মাজত উজনিমুৱা জনশতাব্দী ৰে’লৰ জৰিয়তে পুৱা ১০ মান বজাত ডিফু ৰে’ল ষ্টেছনত উপস্থিত হয় ৰাজ্যপালগৰাকী৷ ডিফু ৰে’ল ষ্টেছনত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’ বিধায়কদ্বয় বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙৰ নেতৃত্বত টীম কাৰবি আংলঙে ৰাজ্যপাল গোলাৱ চান্দ কাটাৰীয়াক উষ্ম আদৰণি জনায়৷
ইয়াৰ পিছত ডিফু ৰে’লৱে চৌহদত আৰক্ষীৰ জৰিয়তে প্ৰদৰ্শন কৰা গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে৷ ইয়াৰ পিছৰ কাৰ্যসূচী অনুসৰি ক্ৰমে, ৰাজ্যপালগৰাকীয়ে ডিফুত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে আইন-শৃংখলাৰ এক মিটিঙত অংশগ্ৰহণ কৰাৰ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, সাংসদ, বিধায়ক আৰু পৰিষদৰ অধীনস্থ বিভাগীয় বিষয়া-কৰ্মীৰ সৈতে চৰকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত গুৰুত্বপূৰণ আলোচনাত মিলিত হয়৷
ৰাজ্যপালৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ডিফুত উপস্থিত হোৱা ৰাজ্যাপাল কাটাৰিয়াই কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নেতৃত্ব আৰু বিষয়াসকলৰ লগত জিলাখনৰ প্ৰগতিৰ খতিয়ান লয়৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ সঠিকভাবে ৰূপায়িত হৈছে নে নাই তাৰো তেওঁ বিষয়াসকলৰ পৰা আৰু হিতাধিকাৰীৰ পৰা বুজ লয়৷ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ লগত তেওঁ কিছু সময় আলোচনা কৰে৷ সংবাদ মাধ্যমৰ আগত ৰাজ্যপাল গৰাকীয়ে উন্নয়ন সঠিক দিশতে হোৱা বুলি কয়৷
আনহাতে ৰাজ্যৰ সমষ্টি পুণৰগঠন নিৰ্বাচন আয়োগৰ কৰ্তৃত্বৰ বিষয় বুলি মন্তব্য কৰে ৷ সীমান্তৰ সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধানৰ পোষকতা কৰাৰ লগতে স্বায়ত্ত্বশাসিত ৰাজ্যৰ দাবীটো পুৰণি আৰু আলোচনা চলি থকা বুুলি মন্তব্য কৰে ৷
ইয়াৰ পিছত ৰাজ্যপাল গৰাকীয়ে পৰিষদৰ গেষ্ট হাউছত জিৰণি লোৱাৰ পিছত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হৈ পুণৰ নামনিমুৱা জনশতাব্দী ৰেলযোগে গুৱাহাটীলৈ যায় বুলি জানিব পৰা গৈছে৷
আনহাতে ৰাজ্যৰ সমষ্টি পুণৰগঠন নিৰ্বাচন আয়োগৰ কৰ্তৃত্বৰ বিষয় বুলি মন্তব্য কৰে৷ সীমান্তৰ সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধানৰ পোষকতা কৰাৰ লগতে স্বায়ত্ত্বশাসিত ৰাজ্যৰ দাবীটো পুৰণি আৰু আলোচনা চলি থকা বুলি মন্তব্য কৰে৷