![]()
২৩ বছৰৰ ব্যৱধানৰ অন্তত মণিপুৰত (Manipur) ৰাজহুৱাভাৱে প্ৰদৰ্শিত হʼল হিন্দী চিনেমা (first Hindi film to be shown in 23 year)। চুৰাচান্দপুৰ জিলাৰ ৰেংকাই ফিল্ডৰ প্ৰথমখন ছবি হিচাপে নিৰ্বাচিত হৈছিল ‘উৰি-দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ (Uri- The Surgical Strike)।
কুকি জনগোষ্ঠীৰ এক যৌথ মঞ্চই ঘোষণা কৰে যে কেন্দ্ৰই পৃথক প্ৰশাসনৰ দাবী গ্ৰহণ কৰক বা নকৰক, তেওঁলোকে ১৫ আগষ্টক মেইটেই বশ্যতাৰ পৰা স্বাধীন হোৱাৰ দিন হিচাপে উদযাপন কৰিছে।

উল্লেখযোগ্য যে মণিপুৰত নিষিদ্ধ হোৱাৰ পূৰ্বে বলিউডৰ অন্তিমখন হিট ছবি আছিল ‘কুচ কুচ হোতা হে’। অঞ্জলি-ৰাহুল সেয়ে তাত থকা মানুহৰ এতিয়া নষ্টালজিয়াত। এই দিনটোতে কুকিয়ে স্বাধীনতা দিৱসৰ দ্বিতীয়খন ছবি হিচাপে K2H2-কে বাছি লয়।
২০০০ চনত মণিপুৰী উগ্ৰপন্থী সংগঠন পিএলএই হিন্দী ছবি প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু ৰাজ্যখনৰ বেছিভাগ ছবিগৃহ বন্ধ হৈ পৰিছিল। বাকীবোৰত কেৱল মেইটেই ছবিহে মুক্তি পাইছিল। আনকি ঘৰৰ জীয়ৰী মেৰী কমৰ ওপৰত নিৰ্মিত ছবিখনৰ শ্বুটিঙো মণিপুৰত সম্ভৱ হোৱা নাছিল। মণিপুৰৰ জনসাধাৰণো বঞ্চিত হয় ছবিখন ডাঙৰ পৰ্দাত চোৱাৰ পৰা।
কুকিসকলে সেয়ে ৭৭ সংখ্যক স্বাধীনতা দিৱসত সেই হিন্দী ছবি, হিন্দী ভাষাক ভাৰতীয় হোৱাৰ পৰাকাষ্ঠা হিচাপে উজ্জ্বল কৰি তুলিব বিচাৰে।
মঙলবাৰে পুৱাৰে পৰা কুকি অঞ্চলত এক মহা সমাৰোহত স্বাধীনতা দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে মেইটেই উগ্ৰপন্থীৰ যৌথ মঞ্চই এইবাৰো স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনায়।
ইয়াৰ উত্তৰত কুকিসকলে মেইটেই উগ্ৰপন্থীৰ নিহত নিৰাপত্তাৰক্ষীৰ খতিয়ান দাঙি ধৰে দেশৰ সন্মুখত। মেইটেইসকলে পুনৰ এদিন পূৰ্বে মণিপুৰৰ স্বাধীনতা দিৱস উদযাপন কৰে। কাৰণ ১৯৪৭ চনৰ ১৪ আগষ্টত ইংৰাজে মণিপুৰৰ ৰজাৰ হাতত শাসন ব্যৱস্থা অৰ্পণ কৰিছিল। তাৰ
দুবছৰ পাছত মণিপুৰ ভাৰতৰ অংগ হৈ পৰে।
সেয়ে ১৪ আগষ্টত মণিপুৰৰ পতাকা উত্তোলন কৰি মণিপুৰৰ স্বাধীনতা দিৱস উদযাপন কৰে মেইটেই ৰজা আৰু মুখ্যমন্ত্ৰীসকলে। স্বাধীনতা দিৱস পালন কৰি কেন্দ্ৰৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰে কুকিসকলে। ইফালে ইম্ফলত স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দুয়োপক্ষক ‘সকলো পাহৰি ক্ষমা কৰিবলৈ’ আহ্বান জনায়।













