অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) মণিপুৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ৰ দাবী নাকচ (rejects claim on Manipur) কৰিছে। তেওঁ কয়, “জাতিগত সংঘাতৰ ফলত মণিপুৰত সমস্যাৰ সৃষ্টি হৈছে। তাত সেনাই একো কৰিব নোৱাৰে। গুলী নহয়, সমস্যাৰ সমাধান হৃদয়ৰ পৰা বিচাৰি উলিয়াব লাগিব।”
শুকুৰবাৰে এক সংবাদমেলযোগে ৰাহুলে কৈছিল, “ভাৰতীয় সেনাক দায়িত্ব দিলে দুদিনৰ ভিতৰতে মণিপুৰৰ অশান্তি বন্ধ হৈ যাব। কিন্তু কেন্দ্ৰীয় চৰকাৰে সেই পথ অনুসৰণ কৰা নাই।
দৰাচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মণিপুৰৰ জুই নিৰ্বাপনৰ ইচ্ছাশক্তি নাই।” আনহাতে, গুৱাহাটীত এক সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুলক কটাক্ষ কৰি প্ৰশ্ন কৰে, “সেনাক নমাই আনি মণিপুৰৰ সাধাৰণ জনতাৰ ওপৰত গুলীচালনা কৰাই কি শান্তি ঘূৰাই অনাৰ বাবে ৰাহুলৰ ‘প্ৰেছক্ৰিপচন’ নেকি?”
উল্লেখযোগ্য যে ৩ মেʼৰ পৰা চলি থকা হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে মণিপুৰত ১৫০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, হাজাৰ হাজাৰ লোক সগৃহহীন হোৱাৰ পাছত মোডীয়ে বিজেপিশাসিত উত্তৰ-পূবৰ ৰাজ্যখন এতিয়াও ভ্ৰমণ নকৰাৰ কথা সোঁৱৰাই শুকুৰবাৰে ৰাহুলে কয়, “তেওঁ কিয় নাযায় তাৰ কাৰণ মই জানো। কিন্তু ৰাজহুৱাভাৱে ক’ব নিবিচাৰো।” এই ক্ষেত্ৰতো হিমন্ত বিশ্বৰ উত্তৰ, “তেওঁলোকে প্ৰথমে দাবী কৰিছিল লোকসভাত মণিপুৰক লৈ প্ৰধানমন্ত্ৰীয়ে বক্তৃতা দিব লাগে। প্ৰধানমন্ত্ৰীৰ বক্তৃতাৰ পিছত পুনৰ আন এটা কথা কোৱা হৈছে। এই সকলোবোৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত পদক্ষেপ।”