আজি ডিফুত স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Amrit Mahotsav of Freedom) লগত সংগতি ৰাখি ‘মেৰি মিট্টী মেৰা দেশ, মিট্টি কো নমন আৰু বীৰো কী বন্ধন’ (Meri Mitti Mera Desh, Mitti Ko Naman and Veero Ki Bandhan) শীৰ্ষক স্থায়ী ফলকৰ শুভ উদ্ধোধন (Opening of the plaque) কৰা হয়৷

ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিধায়ক দৰছিং ৰংহাঙ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম অমৰছিং তিচ’ আৰ জিলা আয়ুক্ত মধুমিতা ভাগৱতী, অতিৰিক্ত আয়ুক্ত ডঃ টিংকু মনি বৰা, ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিলাৰী তেৰাঙ, ডিফু মিউনিচিপালটি বোৰ্ডৰ কাৰ্যবাহী অভিযন্তা নিপু চৰণ দত্ত আৰু অভিযন্তা প্ৰদীপ ৰংপিৰ উপস্থিতিত স্থায়ী ফলকনৰ উদ্ধোধন কৰা হয়৷
এই উপলকে বিদ্যালয় চৌহদতে ডিফু মিউনিচিপাল্টি বোৰ্ডৰ উদ্যোগত আৰু কাৰবি আংলং জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এক গাম্ভীৰ্যপবৰ্ণ অনুষ্ঠানত কাৰবি আংলঙৰ দুগৰাকী বীৰ পুৰুষ ক্ৰমে, ছাৰচিং ইংতি আৰু জগতচিং তিমুঙক বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ইয়াৰোপৰি উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু অতিথিসকলে হাতত মাটি আৰু বন্তিলৈ পঞ্চ প্ৰণৰ সংকল্প গ্ৰহণ কৰে ৷
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে মেৰা মাটি মেৰা দেশ অভিযানৰ অংশ স্বৰূপে লবলগীয়া এলানি কাৰ্যসূচীৰ বিষয়ে বিতংকৈ কয়৷ আজি শিলা ফলকনত বীৰ যুদ্ধা সকলৰ নাম খোদিত কৰাৰ লগতে জিলাখনৰ দুগৰাকী বীৰ পুৰুষক সম্বৰ্ধনা জনাবলৈ পাই তেওঁ যথেষ্ট সুখীলবুলি মন্তব্য কৰে৷