![]()
মণিপুৰত (Manipur) নিয়োজিত অসম ৰাইফলছৰ (Assam Rifles) জোৱানৰ বিৰুদ্ধে স্থানীয় বাসিন্দাক নৃশংস আচৰণৰ অভিযোগ উত্থাপিত হৈছে। যাৰ বাবে মেইটেই অধ্যুষিত জিলাৰ পৰা অসম ৰাইফলছক আঁতৰোৱাৰ দাবী উত্থাপন হৈছিল। একাংশই কুকি সম্প্ৰদায়ৰ প্ৰতি পক্ষপাতিত্বৰ অভিযোগো উত্থাপন কৰিছিল। এনে পৰিস্থিতিত মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মৈৰাং লামখাইত থকা এটা গুৰুত্বপূৰ্ণ আৰক্ষী চকীৰ পৰা অসম ৰাইফলছৰ জোৱানক আঁতৰাই দিয়া হয়।

মণিপুৰ আৰক্ষীৰ ডিজিয়ে প্রকাশ কৰা এক নির্দেশনা অনুসৰি, শীঘ্ৰে অসম ৰাইফলছৰ পৰিবর্তে চিআৰপিএফ জোৱানসকলে আৰক্ষী চকীটোৰ দায়িত্ব লʼব৷ মণিপুৰ আৰক্ষীৰ বিষয়াসকলো তেওঁলোকৰ লগত থাকিব। হিংসাত্মক হৈ পৰা মণিপুৰত শেহতীয়াকৈ অসম ৰাইফলছৰ বিৰুদ্ধে নৃশংস আচৰণৰ অভিযোগত কেইবাটাও প্ৰতিবাদৰ সাক্ষী হৈ আহিছে। বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাতো এই বাহিনীটোৰ বিৰুদ্ধে সমদল উলিওৱা হয়।
কিছুদিন পূৰ্বে ভাইৰেল হোৱা এটা ভিডিঅʼত দেখা গৈছে যে মণিপুৰ আৰক্ষীৰ কেইবাজনো বিষয়াই অসম ৰাইফলছৰ কৰ্মশৈলীক লৈ মুকলিকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। অভিযোগৰ প্ৰতি সঁহাৰি জনাই অসম ৰাইফলছে কয় যে তেওঁলোকে কোনো অন্যায় কৰা নাই। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি পুনৰ ঘূৰাই অনাৰ বাবে যাবতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।













