![]()
পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ (Manipur Violence)। শুকুৰবাৰে গভীৰ নিশা মণিপুৰৰ বিষ্ণুপুৰত সংঘৰ্ষৰ সৃষ্টি হয়। উক্ত সংঘৰ্ষত কমেও ৩ জন লোকৰ মৃত্যু হয়। কেইবাটাও ঘৰত জুই জ্বলাই দিয়া হয়।

বিষ্ণুপুৰৰ কোৱাকটা অঞ্চলত শুকুৰবাৰে নিশা প্ৰায় দুই বজাত পুনৰ সংঘৰ্ষৰ সৃষ্টি হয়। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষত মেইটেই সম্প্ৰদায়ৰ কমেও তিনিজন লোক নিহত হয়। মৃতকৰ ভিতৰত পিতৃ-পুত্ৰও আছে। এই ঘটনাৰ পিছত কুকি জনগোষ্ঠীৰ কেইবাটাও ঘৰত অগ্নিসংযোগ কৰাৰ খবৰ পোৱা গৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে নিশা দুয়োটা সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষ ৰোধ কৰিবলৈ সৃষ্টি কৰা বাফাৰ জোনত প্ৰৱেশ কৰি একাংশ লোকে গুলীচালনা কৰে। ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত সংঘাত আৰম্ভ হয়।
উল্লেখযোগ্য যে কোৱাকটা অঞ্চলৰ দুই কিলোমিটাৰ আগতে বাফাৰ জোন সৃষ্টি কৰা হৈছে। নিৰাপত্তাৰ দায়িত্বত আছে কেন্দ্ৰীয় বাহিনী। সংঘাতৰ খবৰ পোৱাৰ লগে লগে তেওঁলোকে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰম্ভ কৰে। ঘটনাস্থলীত উপস্থিত হয় বৃহৎ আৰক্ষী বাহিনী। দুদিন পূৰ্বে বিষ্ণুপুৰত মেইটেই প্ৰতিবাদকাৰীৰ সশস্ত্ৰ বাহিনীৰ সৈতে সংঘৰ্ষত উত্তেজনা সৃষ্টি হৈছিল।













