![]()
তিথি, নক্ষত্ৰৰ লগত সংগতি ৰাখি মাহত এবাৰ চন্দ্ৰ পূৰ্ণ ৰূপত আবিৰ্ভাৱ হয়। পূৰ্ণিমা তিথিৰ মূল আকৰ্ষণ ঘূৰণীয়া বাচনৰ দৰে ডাঙৰ চন্দ্ৰটো। কিন্তু এটা মাহতে দুবাৰ পূৰ্ণিমা (Double-supermoon display in August)? সাধাৰণতে এনে নহয়। আগষ্ট মাহত বিশ্ব এই বিৰল মহাজাগতিক দৃশ্যৰ সাক্ষী হʼবলৈ গৈ আছে। আগষ্ট মাহৰ এই দুই পূৰ্ণিমা আন পাঁচটা পূৰ্ণিমাতকৈ পৃথক।

ইতিমধ্যে এই বিৰল পূৰ্ণিমাযোৰৰ মাজেৰে পৃথিৱী পাৰ হৈ গৈছে। ১ আগষ্ট মঙলবাৰে আকাশত দেখা গʼল পূৰ্ণিমাৰ ‘ছুপাৰমুন’। হিচাপ অনুসৰি, অহা ৩০ আগষ্টত (On 30th August) পুনৰ দেখা যাব একেটা ‘ছুপাৰমুন’ (Super Moon)। যদিও ইংৰাজী মাহৰ হিচাপ অনুসৰি এমাহত দুটা পূৰ্ণিমাৰ চন্দ্ৰ পৰে, কিন্তু ইয়াৰ লগত তিথি, নক্ষত্ৰৰ কোনো সম্পৰ্ক নাই।
সাধাৰণ পূৰ্ণিমাত দেখা আকাৰৰ চন্দ্ৰতকৈ ছুপাৰমুন ডাঙৰ। ‘ছুপাৰমুন’ সাধাৰণ চন্দ্ৰতকৈ প্ৰায় ১৪ শতাংশ ডাঙৰ। এই চন্দ্ৰ স্বাভাৱিকতকৈ কমেও ৩০ শতাংশ উজ্জ্বল। পৃথিৱীৰ ওচৰ চাপি অহাৰ লগে লগে চন্দ্ৰৰ আকাৰ আৰু উজ্জ্বলতা বাঢ়ি যায়।
পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব সাধাৰণতে ৩,৮৪,৪০০ কিলোমিটাৰ। ছুপাৰমুনৰ ক্ষেত্ৰত এই দূৰত্ব প্ৰায় ৩,৫৭,০০০ কিলোমিটাৰলৈ হ্ৰাস পায়। মঙলবাৰে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব আছিল ৩,৫৭,৫৩০ কিলোমিটাৰ। অহা ৩০ আগষ্টত ইয়াতকৈ ডাঙৰ দেখা যাব চন্দ্ৰ। সেইদিনা পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব ৩,৫৭,৩৪৪ কিলোমিটাৰলৈ হ্ৰাস পাব। মুঠ চাৰিটা এনে ডাঙৰ আৰু উজ্জ্বল ‘ছুপাৰমুন’ এইবাৰ দেখা যাব। ইয়াৰে প্ৰথমটো আছিল মঙলবাৰে।
চন্দ্ৰযান-৩ৰ কি লাভ হ’ব?

চন্দ্ৰযান-৩ উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলে এই সময়খিনি সযতনে বাছি লৈছে। ইয়াৰ এটা কাৰণ হʼল এই ছুপাৰমুন। এই সময়ত চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্ব বহুত কমি যায়। ফলত তুলনামূলকভাৱে কম পথ অতিক্ৰম কৰিব লাগিব চন্দ্ৰযান-৩ (Chandrayaan-3 will have to cross less path to the moon)। ইন্ধনৰ খৰচো বহু কম হʼব। সকলো ঠিকে থাকিলে আগন্তুক ২৪ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত উপস্থিত হʼব চন্দ্ৰযান-২।













