![]()
মণিপুৰৰ হিংসাৰ (Manipur Incident) আন এক ভয়ানক ছবি শেহতীয়াকৈ পোহৰলৈ আহিছে। বিগত তিনিমাহত ৰাজ্যখনৰ পৰা ৩০ জন ব্যক্তি নিৰুদ্দেশ হৈছে। তেওঁলোকক বিচাৰি উলিয়াবলৈ অভিযান চলোৱা হৈছে যদিও এতিয়ালৈকে কোনো লোক উদ্ধাৰ হোৱা নাই। এনে পৰিস্থিতিত নিৰুদ্দেশ হোৱা লোকসকলৰ পৰিয়াল গভীৰ আশংকাত আছে।

নিৰুদ্দেশ হোৱা লোকৰ তালিকাত জ্যেষ্ঠ সাংবাদিকৰ লগতে ছাত্ৰ-ছাত্ৰীও আছে। উল্লেখযোগ্য যে যোৱা ৩ মেʼৰ পৰা মণিপুৰত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হৈছে। এই সময়ছোৱাত ৰাজ্যখনত কেইবাটাও হত্যাকাণ্ড, গোষ্ঠীগত সংঘৰ্ষ পোহৰলৈ আহিছে।
ৰাজ্য প্ৰশাসনৰ তথ্য অনুসৰি, ইতিমধ্যে ৬০০০ জিৰো এফআইআৰ দাখিল কৰা হৈছে। মন কৰিবলগীয়া যে এই এফ আই আৰত ৰাজ্যৰ যিকোনো থানাত অভিযোগ দাখিল কৰিব পাৰিব। পিছত আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা থানালৈ বা অভিযোগ দাখিল কৰা থানালৈ প্ৰেৰণ কৰে। নিৰুদ্দেশ হোৱা ডায়েৰী পৰীক্ষা কৰাৰ পিছত জানিব পৰা গৈছে যে এতিয়ালৈকে ৩০ জন লোকৰ সন্ধান পোৱা নাই। অৱশ্যে এই সংখ্যা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে।
ইয়াৰ ভিতৰত ৬ মেʼৰ পৰা সন্ধানহীন হৈ আছে সাংবাদিক, গৱেষক তথা সমাজকৰ্মী অটম সমৰেন্দ্ৰ সিং। তেওঁৰ সহযোগী যমখৈবাম কিৰণকুমাৰ সিঙৰো সন্ধান পোৱা হোৱা নাই। সমৰেন্দ্ৰৰ পত্নী কবিতাই কয় যে তেওঁৰ স্বামীয়ে ৰাজ্যৰ হিংসাত্মক অঞ্চললৈ গৈ বাতৰি সংগ্ৰহ কৰিছিল। এতিয়ালৈকে পৰিয়ালটোৱে তেওঁৰ উভতি অহাৰ বাবে অপেক্ষা কৰি আছে।













