![]()
নিজৰ প্ৰিয় বস্তু সন্দৰ্ভত প্ৰশ্ন কৰাত মণিপুৰৰ (Manipur) ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ এজনে উত্তৰত লিখিছে ৰাইফল (Rifle)। আনহাতে, ডাঙৰ হৈ কি শিকিব বিচাৰে বুলি সোধা প্ৰশ্নৰ উত্তৰতো ৮-৯ বছৰৰ লʼৰা-ছোৱালীৰ এটা গোটৰ প্ৰায় একেই উত্তৰ, গুলী চলাব বা যুদ্ধ কৰিব শিকিব বিচাৰে।

উল্লেখযোগ্য যে মণিপুৰৰ বিদ্যালয়সমূহত পাঠদান পুনৰ আৰম্ভ হʼলেও বহুসংখ্যক ছাত্ৰ-ছাত্ৰী এতিয়াও সাহায্য শিবিৰতে আছে। বহুতৰে ঘৰ জ্বলি পৰিয়াল নিঃস্ব হৈছে, কিতাপ-পত্ৰ নাই। ইয়াৰ উপৰি বহু লোকে গুলীচালনা, হত্যা আৰু চকুৰ সন্মুখতে নিজৰ ঘৰত অগ্নিসংযোগৰ ঘটনাত এতিয়াও ভীতিগ্ৰস্ত হৈ আছে। তেনে পৰিস্থিতিত শিশুসকলৰ মনত আত্মবিশ্বাস ঘূৰাই অনাৰ লগতে শিক্ষাৰ ক্ষতিৰ ক্ষতিপূৰণৰ বাবে সাহায্য শিবিৰত বিশেষ শিক্ষা অভিযান আৰম্ভ কৰা হৈছে।
এই অভিযানৰ ৪৩ জন সদস্যই শিশুসকলক পুনৰ শিক্ষাৰ মাজলৈ ঘূৰাই আনিবলৈ গৈ আচৰিত হৈ পৰে। কাৰণ কোনেও নিবিচাৰে খেলনা, ডাঙৰ হৈ চিকিৎসক, শিক্ষক বা আৰক্ষী হʼব বিচৰা নাই বুলি প্ৰশ্নৰ উত্তৰত লিখিছে। যুদ্ধৰ পৰিৱেশত শৈশৱ কটোৱা লʼৰা-ছোৱালীৰ মনত এতিয়া ৰোপিত হৈছে হিংসাৰ বীজ। ‘চিষ্টেম ট্ৰেন্সফৰ্মেচন এণ্ড ৰিজুভেনেচন অব এডুকেচন’ বা STAR প্ৰকল্পৰ কৰ্মচাৰীসকলে ইয়াক নিৰ্মূল কৰাৰ বাবে কাম আৰম্ভ কৰিছে।
এই সন্দৰ্ভত প্ৰকল্প পৰিচালক অমৃতা থিংগুজামে কয়, “বৰ্তমান আমি শিশুসকলৰ অশান্ত মনক শান্ত কৰাত মনোনিৱেশ কৰিছো। অৱশ্যে আমি শিশু মনোবিজ্ঞানৰ বিশেষজ্ঞ নহয়, কিন্তু আমি শিবিৰত খেলৰ আয়োজন কৰি, অস্থায়ী শ্ৰেণীকোঠা বনাই তেওঁলোকক মূলসুঁতিলৈ ঘূৰাই অনাৰ চেষ্টা কৰিছো। বিভিন্ন শিবিৰত শিশুৰ সৈতে কাম কৰি দেখিছোঁ যে তেওঁলোকৰ মনত প্ৰতিশোধৰ মনোভাব গা কৰি উঠিছে। সকলোৱে আগ্নেয়াস্ত্ৰ বিচাৰে। কাৰণ বহু শিশুৰ ঘৰ জ্বলি গৈছে।”













